শুকুৰবাৰে উত্তৰ প্ৰদেশৰ উন্নাওত সংঘটিত এক মৰ্মান্তিক পথ দুৰ্ঘটনাত একে পৰিয়ালৰ ৪সদস্যৰ মৃত্যু ঘটাক লৈ ৰাজ্যখনত শোকৰ ছাঁ পৰিছে।
মৃত স্বামীৰ মৃতদেহ এম্বুলেন্সত লৈ ঘৰলৈ উভতি অহাৰ পথতে ভয়ঙ্কৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় তিনি কন্যাসহ মাতৃয়ে।
জানিব পৰা মতে হাস্পতালত মৃত্যু ঘটা স্বামীৰ মৃতদেহ লৈ এম্বুলেন্সত ঘৰলৈ উভটিছিল মহিলা গৰাকী। সেই সময়ত তেওঁৰ সৈতে আছিল তিনি কন্যাও।
কিন্তু উন্নাও আৰু বস্তিৰ মাজত এখন অচিনাকি বাহনৰ সৈতে এম্বুলেন্সখনৰ সংঘৰ্ষ ঘটাত চাৰিও জনৰ ঘটনাস্থলীতে মৃত্যু ঘটে।
দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ লগে লগে পূৰ্বা চি অ’ আৰু বৃহৎ সংখ্যক আৰক্ষী বাহিনী উপস্থিত হয়। আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি এম্বুলেন্সৰ পৰা মৃতদেহটো লৈ কানপুৰৰ পৰা মৌৰাৱানলৈ গৈ আছিল পৰিয়ালটো।
কানপুৰৰ পৰা মৌৰাৱনলৈ যাওঁতে পূৰ্বা থানা এলেকাৰ তুছৰৌৰ গাঁৱৰ সন্মুখত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী যোগীয়ে।
মুখ্যমন্ত্রীয়ে সংশ্লিষ্ট জিলা প্রশাসনৰ বিষয়াসকলক অনতিপলমে আহতসকলক চিকিৎসালয়লৈ লৈ গৈ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নির্দেশ দিছে৷