মৰ্মান্তিক! স্কুল ভ্যান আৰু স্কুল বাছৰ মাজত ভয়ংকৰ সংঘৰ্ষ, পিতা-পুত্ৰসহ ৫ শিশুৰ কৰুণ মৃত্যু

সোমবাৰে পুৱা উত্তৰ প্ৰদেশৰ বদৌনৰ উছাৱান থানা এলেকাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। আছাধাৰমাই আৰু গৌণৰা গাঁৱৰ মাজত এখন স্কুল ভেন আৰু এখন স্কুল বাছৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ। এই দুৰ্ঘটনাত ভ্যানখনত থকা চাৰিজন ছাত্ৰসহ ৫জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ভ্যানখনত থকা ২২জন ছাত্ৰ-ছাত্ৰী আহত হয়। বাছখনত যাত্ৰা কৰা এজন ছাত্ৰও আহত হয়।

গুৰুতৰভাৱে আহত দুগৰাকী ছাত্ৰ-ছাত্ৰীক চৰকাৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। এজন ছাত্ৰক বৰেলীলৈও ৰেফাৰ কৰা হৈছে। মৃতসকলৰ ভিতৰত ভ্যান চালক আৰু তেওঁৰ পুত্ৰও আছে। এই দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে ডি এম মনোজ কুমাৰ আৰু এছ এছ পি ডাঃ অ পি সিঙে। তেওঁ দুৰ্ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে।

জানিব পৰা মতে, সোমবাৰে পুৱা প্ৰায় ৮:৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। সেই সময়ত উছাৱান থানা এলেকাৰ গৌণ্ৰা গাঁৱত অৱস্থিত এছ আৰ পি এছ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ভেনেৰে স্কুললৈ আহি আছিল। হজৰতপুৰ আৰক্ষী থানা এলেকাৰ লভৰী গাঁৱৰ নিবাসী ওমেন্দ্ৰ (২৫) নামৰ এজন লোকে এই ভ্যানখন চলাই আহিছিল। এইখন বিদ্যালয়তে তেওঁ পঢ়ুৱাইছিল। মুঠ ২৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ভ্যানখনত যাত্ৰা কৰিছিল।

দুৰ্ঘটনাৰ সময়ত ওমেন্দ্ৰৰ পুত্ৰ হৰ্ষিত (৬) কোলাত বহি আছিল। ভেনখন আছাধৰমাই গাঁৱৰ পৰা ওলাই টাৰ্ণ পোৱাৰ লগে লগে সন্মুখৰ পৰা সত্যদেৱ বিদ্যাপীঠ ইণ্টাৰ কলেজৰ বাছ এখন আহিল আৰু দুয়োখন বাহনৰ মাজত তীব্ৰ সংঘৰ্ষ হয়। এই দুৰ্ঘটনাত ভ্যানখন মষিমূৰ হৈ পৰে।

দুৰ্ঘটনাটো দেখি ওচৰৰ পথাৰত কাম কৰি থকা স্থানীয় লোকসকল দৌৰি আহি উদ্ধাৰ অভিযান আৰম্ভ কৰে। আটাইকেইজন আহতক ভ্যানৰ পৰা উলিয়াই আনিছিল যদিও তেতিয়ালৈকে চালক ওমেন্দ্ৰ আৰু তেওঁৰ পুত্ৰ হৰ্ষিতৰ মৃত্যু হৈছিল। স্থানীয় ৰাইজৰ তথ্যত উছাৱান আৰক্ষীও ঘটনাস্থলীত উপস্থিত হয়। লগে লগে আৰক্ষীয়ে আটাইকেইটা শিশুক জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

বাটত গাঁৱৰ বাঘাউৰা নিবাসী প্ৰদীপ কুমাৰ গুপ্তাৰ কন্যা খুশী (৮), হজৰতপুৰ থানা এলেকাৰ নিবাসী মৰ্পাল কাশ্যপৰ পুত্ৰ অমিত (১২) আৰু হৰবংশ সিঙৰ কন্যা কৌশল্যা (১২) উছাৱান থানা এলেকাৰ গাঁও নভিগঞ্জৰ বাসিন্দা, মৃত্যু। আহত হৈছে ২২ গৰাকী ছাত্ৰ-ছাত্ৰী। বাছখনত যাত্ৰা কৰা ছাত্ৰী ইশিতা পাল (১৬)ও আহত হয়। ভ্যানখনত উঠি অহা লবৰি নিবাসী মানৱ সিং (৯), অৰুণ কুমাৰ (১১)ক চৰকাৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ বিপৰীতে ৰচিত (৮)ক বৰেলীলৈ প্ৰেৰণ কৰা হৈছে।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *