মৰ্মান্তিক! প্ৰেয়সীৰ পিতৃৰ পৰা লুকুৱাবলৈ চেষ্টা কৰি চাদৰ পৰা পিচলি কৰুণ মৃত্যু যুৱকৰ

চাদত বহি প্ৰেয়সীৰ সৈতে পিজ্জা ডেটত মিলিত হোৱাৰ সময়তে হঠাৎ অহা প্ৰেয়সীৰ পিতৃৰ পৰা লুকুৱাবলৈ চেষ্টা কৰি কৰুণ মৃত্যুক সাৱটিবলগীয়া হ’ল এজন যুৱকে। এই শোকাবহ ঘটনা সংঘটিত হৈছে হায়দৰাবাদৰ বৰাবান্দা অঞ্চলত।

আৰক্ষীয়ে জনোৱা মতে, মহম্মদ শ্বোৱেইবে প্ৰেমিকাক লগ কৰিবলৈ গৈছিল প্ৰেমিকাগৰাকীৰ ঘৰলৈ। চাদত লগ হৈ থাকোঁতে এজন মানুহৰ খোজৰ শব্দ শুনে। ছোৱালীজনীৰ দেউতাক চাদলৈ আহিব বুলি ভয় কৰি শ্বোৱেইবে এটা চুকত লুকাই থাকিবলৈ চেষ্টা কৰে। কিন্তু দুৰ্ভাগ্যবশতঃ চাদৰ পৰা পিচলি পৰে যুৱকজন।

এই ঘটনাত গুৰুতৰভাৱে আহত হোৱা যুৱকজনক ওচমানিয়া জেনেৰেল হস্পিতাললৈ স্থানান্তৰ কৰা হয় যদিও পুৱা প্ৰায় ৫.৩০ বজাত মৃত্যু হয়। বৰাবান্দা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, যুৱতীগৰাকীৰ সৈতে কিছুদিন পূৰ্বে বন্ধুত্ব গঢ়ি উঠিছিল এটা বেকাৰীত কৰ্মৰত যুৱকজনৰ। নিশা যুৱতীগৰাকীয়ে এটা পিজ্জা বিচৰাত, যুৱকজনে সেয়া লৈ যুৱতীগৰাকীক লগ কৰিবলৈ তেওঁলোকৰ ঘৰলৈ গৈছিল।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *