উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ জিলাৰ দাদৰী বান্ধৰ সমীপত শুকুৰবাৰে এখন ব্যক্তিগত বাছ নিয়ন্ত্ৰণহীন হৈ বাগৰি পৰাত ৫ জন লোক নিহত হোৱাৰ লগতে ২৬ জন আহত হয়।
আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জিলা দণ্ডাধীশ প্ৰিয়ংকা নিৰঞ্জনে জানিবলৈ দিয়ে। ভুক্তভোগীৰ ভিতৰত আছে দুটা শিশুও।
জানিব পৰা মতে, বাছখনে ৩১ জন যাত্ৰী কঢ়িয়াই সন্ত নগৰৰ পৰা হালিয়ালৈ গৈ থকা সময়তে দুৰ্ঘটনাটো সংঘটিত হয়। এই ঘটনাত বাছখনৰ চালক ৪০ বছৰীয়া সত্যনাৰায়ণৰো মৃত্যু হয়।
আনহাতে মমতা (২৬), মণিতা (২৫), অভিষেক (২) আৰু বিষ্ণু কুমাৰ (১০) নামৰ আন কেইজন যাত্ৰীৰ মৃত্যু হোৱা বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে।
এই দুৰ্ঘটনা সংঘটিত হৈছে সন্তনগৰ থানা এলেকাৰ হালিয়া দাদৰী পথত। জিলা দণ্ডাধীশ মিৰ্জাপুৰ প্ৰিয়ংকা নিৰঞ্জনে জানিবলৈ দিয়া মতে, ষোল্লজন যাত্ৰী সামান্য আঘাতপ্ৰাপ্ত হোৱাৰ বিপৰীতে ১০জন গুৰুতৰভাৱে আহত হৈছে। আহতসকলক জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলিও কয় তেওঁ।