মৰ্মান্তিক! ঘৰৰ সামান্য কাজিয়াৰ বাবেই বৃদ্ধা মাতৃক নৃশংসভাৱে হত্যা পাষাণ পুত্ৰৰ

মহাৰাষ্ট্ৰত পোহৰলৈ আহিছে এজন কলিযুগৰ পুত্ৰৰ এক ভয়ানক কাণ্ড। খাদ্য পৰিবেশনক লৈ সামান্য বিবাদৰ অন্তত এজন ২৬ বছৰীয়া যুৱকে নিজৰ মাতৃক নৃশংসভাৱে হত্যা কৰে। আৰক্ষীয়ে জনোৱা মতে, বুধবাৰে (২৫ অক্টোবৰ) এই ঘটনাৰ সময়ত গুৰুতৰভাৱে জ্বলি যোৱা মহিলাগৰাকীৰ বৃহস্পতিবাৰে (২৬ অক্টোবৰ) পুৱা আলিবাউগৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসাৰ সময়ত মৃত্যু হয়।

মহিলাগৰাকীৰ নাম চাংগুনা নামদেৱ খোট, অভিযুক্ত পুত্ৰৰ নাম জয়শ। অপৰাধ সংঘটিত কৰাৰ পিছত তেওঁ পলাবলৈ চেষ্টা কৰিছিল যদিও আৰক্ষীয়ে তেওঁক ঘেৰি ধৰি হাবিৰ পৰা গ্ৰেপ্তাৰ কৰে।

সংবাদ সংস্থা পিটিআইৰ প্ৰতিবেদন অনুসৰি মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ ৰেৱদাণ্ডাৰ সমীপৰ নৱখাৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা। মঙলবাৰে সন্ধিয়া মানুহজনৰ মাতৃৰ সৈতে ৰন্ধা-বঢ়াৰ সন্দৰ্ভত বিবাদ হৈছিল। তাৰ পিছতে ক্ষুব্ধ পুত্ৰই প্ৰথমে মাতৃগৰাকীক মাৰপিট কৰে আৰু তাৰ পিছত ঘৰৰ পৰা মুকলি ঠাইলৈ লৈ টানি আনি জুই লগাই দিয়ে।

বৃদ্ধাগৰাকীৰ মৰণকাতৰ আৰ্তনাদ শুনি স্থানীয় ৰাইজে গোট খাই আৰক্ষীক খবৰ দিয়ে। তথ্য লাভ কৰাৰ পিছতে ৰাৱদাণ্ডা আৰক্ষী থানাৰ বিষয়াসকলে সেই স্থানত উপস্থিত হৈ আহত মহিলাগৰাকীক চিকিৎসালয়লৈ লৈ যায় আৰু চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়। আৰক্ষীয়ে জয়শৰ বিৰুদ্ধে হত্যাৰ ৩০২ ধাৰাত গোচৰ ৰুজু কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *