মৰ্মান্তিক! কেদাৰনাথ যাত্ৰাৰ সময়তে বাহনৰ ওপৰত পাহাৰৰ শিল বাগৰি পৰাত কমেও ৫ তীৰ্থযাত্ৰীৰ মৃত্যু

উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাত বৃহস্পতিবাৰে নিশা ভূমিস্খলনৰ ফলত কেদাৰনাথলৈ যোৱা এখন গাড়ীৰ ওপৰত পাহাৰৰ শিল বাগৰি পৰাত গুজৰাটৰ তিনিজনকে ধৰি কমেও পাঁচজন তীৰ্থযাত্ৰীৰ মৃত্যু ঘটে।

গুপ্তকাশী-গৌৰিকুণ্ড ঘাইপথৰ ফাটাৰ সমীপৰ টাৰছালিত সংঘটিত হোৱা ভূমিস্খলনে পথটোৰ ৬০ মিটাৰ দৈৰ্ঘ্যৰ অংশ উটুৱাই লৈ যায়। ভক্তসকলে এখন গাড়ীত উঠি কেদাৰনাথৰ পবিত্ৰ মন্দিৰলৈ গৈ থকা অৱস্থাত ফাটা আৰু সোণপ্ৰয়াগৰ মাজত পাহাৰৰ পৰা পৰি থকা শিল আৰু শিলগুটিৰ ভৰত খুন্দা মাৰে।

ঘটনাৰ তথ্য পোৱাৰ লগে লগে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও ধাৰাসাৰ বৰষুণে কামত বাধাৰ সৃষ্টি কৰে। শুকুৰবাৰে বতৰ পৰিষ্কাৰ হোৱাৰ লগে লগে গাড়ীখনৰ ছিন্নভিন্ন অৱশিষ্টৰ পৰা পাঁচটা মৃতদেহ উলিয়াই অনা হয় বুলি তেওঁলোকে জনায়।

মৃত লোক কেইজনক গুজৰাটৰ জিগৰ আৰ মোডী, মহেশ দেশাই, পৰীক দিব্যাংশ, আৰু হৰিদ্বাৰৰ পৰা মিন্টু কুমাৰ, আৰু মনীষ কুমাৰ বুলি চিনাক্ত কৰা হৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *