দক্ষিণ কাশ্মীৰত বুধবাৰে সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত তীব্ৰ সংঘৰ্ষত প্ৰাণ হেৰুৱায় ভাৰতীয় সেনাৰ এগৰাকী কমাণ্ডিং অফিচাৰ আৰু ভাৰতীয় সেনাৰ এজন মেজৰৰ লগতে এগৰাকী আৰক্ষী বিষয়াই।
দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ কোকেৰনাগ অঞ্চলৰ গাৰোল গাঁৱত আৰক্ষী আৰু সেনাবাহিনীৰ যুটীয়া বাহিনীয়ে বিদ্ৰোহ বিৰোধী অভিযান চলোৱাৰ পাছত মঙলবাৰ আৰু বুধবাৰৰ মাজনিশা গুলীচালনা সংঘটিত হয়।
শ্ৰীনগৰত অৱস্থিত ভাৰতীয় সেনাৰ চিনাৰ কৰ্পছৰ এগৰাকী মুখপাত্ৰৰ মতে, গাৰোলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ ইংগিত দিয়া নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ফলত এই কাৰ্য সংঘটিত হৈছে।
বিষয়াসকলে দ্য ট্ৰিবিউনক জনোৱা মতে, যেতিয়া নিৰাপত্তা বাহিনী গাৰোলত উপস্থিত হয়, তেতিয়া তেওঁলোকে বনাঞ্চলৰ ঘন গছ-গছনিৰ ভিতৰত চতুৰতাৰে লুকুৱাই ৰখা সন্ত্ৰাসবাদীৰ স্থানৰ পৰা তীব্ৰ গুলীচালনাৰ সন্মুখীন হয়।
ভাৰতীয় সেনাৰ ১৯ ৰাষ্ট্ৰীয় ৰাইফলছৰ কামাণ্ডিং অফিচাৰ মনপ্ৰীত সিং এই সংঘৰ্ষত থিতাতে নিহত হোৱা বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে আৰু মেজৰ আশীষ ধোনাক আৰু কৰ্তৃপক্ষৰ উপ অধীক্ষক হুমায়ুন ভাট দুয়োজনক আঘাতপ্ৰাপ্ত অৱস্থাত হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে বিষয়া দুগৰাকীয়ে।
জানিব পৰা মতে, শ্বহীদ হুমায়ুন ভাটৰ ঘৰ দক্ষিণ কাশ্মীৰৰ ট্ৰাল মহকুমাত, আনহাতে চি অ’ মনপ্ৰীত সিং ৰোপাৰৰ পাঞ্জাবী অঞ্চলৰ নিৱাসী।