মোদী উপাধিৰ গোচৰত ৰাহুল গান্ধীক ডাঙৰ সকাহ উচ্চতম ন্যায়ালৰ

উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে মোদী উপাধিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ বিৰুদ্ধে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি ৰাহুলক যথেষ্ট সকাহ দিছে। উচ্চতম ন্যায়ালয়ে তেওঁক দিয়া শাস্তি স্থগিত ৰাখিছে। ন্যায়ালয়ে কয় যে যেতিয়ালৈকে আপীলটো বিচাৰাধীন হৈ আছে তেতিয়ালৈকে শাস্তি স্থগিত ৰখা হৈছে। জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভি আৰু জ্যেষ্ঠ অধিবক্তা মহেশ জেঠমালানীয়ে উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধীক প্ৰতিনিধিত্ব কৰিছিল।
ৰাহুল গান্ধীক ২৩ মাৰ্চত চুৰাট আদালতে ‘মোদী’ উপাধিৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰিছিল। আদালতে ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড বিহিছিল। ইয়াৰ বাবে, ৰাহুলৰ সংসদৰ সদস্যপদ বাতিল হৈছিল। ৰাহুল গান্ধীয়ে প্ৰথমে চুৰাটৰ উচ্চ ন্যায়ালয়ত আৰু তাৰ পিছত গুজৰাট উচ্চ ন্যায়ালয়ত ইয়াৰ বিৰুদ্ধে আপীল কৰিছিল, কিন্তু সকাহ পোৱা নাছিল। ইয়াৰ পিছত, তেওঁ উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰে। জুলাইৰ ৭ তাৰিখে, গুজৰাট উচ্চ ন্যায়ালয়ে গান্ধীৰ দোষী সাব্যস্ত হোৱাৰ ওপৰত স্থগিতাদেশ বিচাৰি কৰা আবেদন খাৰিজ কৰিছিল। ইয়াৰ পিছত, ৰাহুলে গুজৰাট উচ্চ ন্যায়ালয়ৰ আদেশক প্ৰত্যাহ্বান জনাই ১৫ জুলাইত উচ্চতম ন্যায়ালয়ত আপীল কৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *