যোৱা ১৯৯৮ চনৰ পৰা ২০০৮ চনৰ ভিতৰত নামদা ক্ৰাফ্টৰ শ্বিপ উল ৰাগ(ভেড়াৰ উলৰ দলিচা)ৰ ৰপ্তানি ১০০% হ্ৰাস পাইছিল। এমএছডিইয়ে এই বিপদাপন্ন শিল্পক সংৰক্ষণ কৰাৰ বাবে এক হ্ৰস্বম্যাদী প্ৰশিক্ষণ পাঠ্যক্ৰম প্ৰস্তুত কৰিছে। ২৫টা গোটত ৰূপায়িত এই কাৰ্যসূচী ১৪-১৬ মাহৰ তিনিটা চক্ৰৰে গঠিত, য’ত হ্ৰস্বম্যাদী প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে এই শিল্পকলাৰ সংৰক্ষণ কৰাত বিশেষভাৱে গুৰুত্ব দিয়া হয়।
ৰাজ্যখনৰ ছখন জিলাৰ পৰা প্ৰায় ২,২০০গৰাকী লোকে মৃত্যুমুখী এই কলাৰ প্ৰশিক্ষণ লাভ কৰিছে। নামদা আৰ্টৰ প্ৰথমটো গোটৰ সামগ্ৰী ব্ৰিটেইনলৈ ৰপ্তানিৰ কথা সদৰি কৰিছে কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে।স্থানীয় উদ্যোগ প্ৰতিষ্ঠানৰ অংশীদাৰসকলৰ সমৰ্থনত জম্মু-কাশ্মীৰত এই পাইলট প্ৰকল্পৰ সফল ৰূপায়ণে দক্ষতা বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে বিনিয়োগ আকৰ্ষিত কৰাৰ ক্ষেত্ৰত ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ শক্তিৰ উদাহৰণ দাঙি ধৰিছে।
এই সাফল্যৰ বাবে অভিনন্দন জ্ঞাপন কৰি দক্ষতা বিকাশ তথা উদ্যোগ, ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে কয় যে, “আমি ২০২১ চনত নামদা প্ৰকল্প আৰম্ভ কৰিছিলোঁ আৰু আমাৰ প্ৰধানমন্ত্ৰী মোদীৰ ‘নয়া ভাৰত, নয়ে অৱচৰ, নয়ি সমৃদ্ধি’ দৃষ্টিভংগীৰ সৈতে নিখুঁতভাৱে মিল ফলাফল দেখা পাই অত্যন্ত সন্তোষ অনুভৱ কৰিছোঁ, যিয়ে নতুন সুযোগ সৃষ্টি কৰা আৰু নতুন সমৃদ্ধিত গুৰুত্ব আৰোপ কৰা হৈছে।”