ভাৰতীয় দলৰ প্ৰাক্তন ক্রিকেটাৰ শচীন তেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুনে মুম্বাই দল এৰিবলৈ সাজু হৈছে আৰু পৰৱৰ্তী ঘৰুৱা ছিজনত গোৱাৰ হৈ খেলিব পাৰে। বাওঁহাতৰ বেগী বলাৰজনে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত মুম্বাই ইণ্ডিয়ানছৰ অংশ আছিল। তেওঁ ২০২০-২১ বৰ্ষত মুম্বাইৰ হৈ ছৈয়দ মুস্তাক আলী ট্ৰফীত হাৰিয়ানা আৰু পুডুচেৰীৰ বিৰুদ্ধে দুখন খেল খেলিছিল। জানিব পৰা অনুসৰি কনিষ্ঠ তেণ্ডুলকাৰে মুম্বাই ক্ৰিকেট এছ’চিয়েচনৰ পৰা অনাপত্তি প্ৰমাণপত্ৰৰ (এনঅ’চি) বাবে আবেদন কৰিছে। এছ আৰ টি স্পৰ্টছ মেনেজমেণ্টে এক বিবৃতিত কয়, ‘অৰ্জুনে তেওঁৰ কেৰিয়াৰৰ এই পৰ্যায়ত খেলপথাৰত যিমান সম্ভৱ সময় অতিবাহিত কৰাটো গুৰুত্বপূৰ্ণ। আমি বিশ্বাস কৰোঁ যে আন ঠাইৰ পৰা খেলিলে অৰ্জুনক অধিক প্ৰতিযোগিতামূলক খেল খেলিবলৈ সুযোগ দিব। তেওঁ তেওঁৰ ক্ৰিকেট কেৰিয়াৰৰ এটা নতুন পৰ্যায় আৰম্ভ কৰিছে।’ অৰ্জুন তেণ্ডুলকাৰে তিনিটা ছিজনৰ আগতে শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ অনুৰ্ধ-১৯ ৰ হৈ দুখন মেচ খেলিছিল। সেই সময়ত, তেওঁক মুম্বাইৰ সম্ভাৱ্য সীমিত অভাৰৰ দলতো অন্তৰ্ভুক্ত কৰা হৈছিল। অৰ্জুনৰ বাবে আটাইতকৈ ডাঙৰ হতাশাটো হ’ল যে তেওঁক নিজকে প্ৰমাণ কৰাৰ সুযোগ নোপোৱাকৈ এই ছিজনত মুম্বাই দলৰ পৰা বাদ দিয়া হৈছিল। গোৱা ক্ৰিকেট এছ’চিয়েশ্যনৰ (জিচিএ) এজন জ্যেষ্ঠ বিষয়াই কৈছিল যে অৰ্জুন তেণ্ডুলকাৰক ৰাজ্যখনৰ সম্ভাৱ্য স্থানত অন্তৰ্ভুক্ত কৰিব পাৰি। আমি এজন বাওঁহাতৰ বেগী বলাৰ বিচাৰি আছো। গতিকে আমি অৰ্জুন তেণ্ডুলকাৰক গোৱা দলত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছো। আমি চিজনৰ আগতে সীমিত অভাৰৰ অনুশীলন মেচ খেলিম আৰু তেওঁ এই খেলবোৰ খেলিব। নিৰ্বাচকসকলে এই খেলসমূহত তেওঁৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি তেওঁক দলত ৰখাৰ সিদ্ধান্ত ল’ব। উল্লেখ্য যে অৰ্জুন শেহতীয়াকৈ মুম্বাই ইণ্ডিয়ানছৰ উন্নয়নমূলক দলৰ অংশ আছিল, যি ইংলেণ্ডলৈ গৈছিল। কুমাৰ কাৰ্তিকেয়, আনমোলপ্ৰীত সিং, ৰমনদীপ সিং, দেৱল্ড ব্ৰেভিছৰ দৰে খেলুৱৈসকল ইয়াৰ অংশ আছিল।
মুম্বাই ত্যাগ কৰি গোৱাৰ হৈ খেলিব অৰ্জুন তেণ্ডুলকাৰে
