মুম্বাইত অনুষ্ঠিত প্ৰথম বাণিজ্য আৰু বিনিয়োগ কৰ্মী গ্রুপৰ বৈঠক

ভাৰতৰ জি-২০ প্ৰেচিডেন্সিৰ অধীনত প্ৰথম টিআইডব্লিউজি বৈঠক ২৮ মাৰ্চৰ পৰা মুম্বাইত আৰম্ভ হয় আৰু ৩০মাৰ্চলৈ চলিব। এই তিনিদিনীয়া বৈঠকত জি-২০ সদস্য দেশ, আমন্ত্ৰীত দেশ, আঞ্চলিক গোট আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহৰ ১০০ তকৈও অধিক প্ৰতিনিধিয়ে বিশ্বব্যাপী বাণিজ্য আৰু বিনিয়োগ ত্বৰান্বিত কৰাৰ বাবে আলোচনাত লিপ্ত হয় বা হ’ব। প্ৰথম দিনা অৰ্থাৎ ২৮ মাৰ্চত, ‘ট্ৰেড ফাইনেন্স’ সম্পৰ্কে এখন আলোচনাচক্ৰ অনুষ্ঠিত হয়। এই চেমিনাৰৰ বাবে এংকৰিং সংস্থাবোৰ হৈছে ইণ্ডিয়া এক্সিম বেংক আৰু এক্সপোৰ্ট ক্ৰেডিট গেৰাণ্টি কৰ্পোৰেচন অফ ইণ্ডিয়া (ইচিজিচি)।

আন্তৰ্জাতিক বাণিজ্য প্ৰবাহ বজাই ৰখা আৰু বিপদাশংকা হ্ৰাস কৰাৰ বাবে ট্ৰেড ফাইনেন্স  অপৰিহাৰ্য। বিশ্বব্যাপী ট্ৰেড ফাইনেন্সত বেংক, ট্ৰেড ফাইনেন্স কোম্পানী, ৰপ্তানি ঋণ সংস্থা, বীমাকৰ্তা, আমদানিকৰ্তা আৰু ৰপ্তানিকৰ্তাকে ধৰি কেইবাটাও পক্ষ অন্তৰ্ভুক্ত থাকে। ২০২০ চনত, ৯ ট্ৰিলিয়ন ডলাৰৰ বাণিজ্য বিত্তীয় লেনদেন মুখ্য বিশ্বব্যাপী বেংকবোৰে সমৰ্থন কৰিছিল, তথাপিও ট্ৰেড ফাইনেন্সৰ ব্যৱধান বৃদ্ধি পাইছে।

মাইক্ৰ’, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ (এম.এছ.এম.ই.) ব্যৱধানৰ দ্বাৰা অসামঞ্জস্যপূৰ্ণভাৱে প্ৰভাৱিত হয়, আৰু ইয়াক হ্ৰাস কৰিবলৈ আৰু ইয়াক উপলব্ধ কৰাৰ বাবে কাৰ্য-মুখী সমাধানৰ প্ৰয়োজন। এই আলোচনাচক্ৰত দুটা অধিৱেশন অনুষ্ঠিত হয় বা হ’ব, প্ৰথম অধিৱেশনত বাণিজ্য বিত্তৰ ব্যৱধান ৰোধ কৰাৰ ক্ষেত্ৰত বেংক, বিত্তীয় প্ৰতিষ্ঠান, উন্নয়ন বিত্তীয় প্ৰতিষ্ঠান আৰু ৰপ্তানি ঋণ সংস্থাসমূহৰ ভূমিকাৰ ওপৰত আলোকপাত কৰা হ’ব বা হয়, আৰু দ্বিতীয় অধিৱেশনত ডিজিটেলকৰণ আৰু ফিনটেক সমাধানে কেনেদৰে বাণিজ্য বিত্তৰ প্ৰৱেশাধিকাৰ উন্নত কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *