মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ হ’ল

ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে ২০২০ চনত তৰা এক মানহানি গোচৰক কেন্দ্ৰ কৰি শনিবাৰে বিপিএফৰ সভাপতি তথা প্ৰাক্তন বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী কোকৰাঝাৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ হয় ।

হাজিৰ হ’ব লগা হোৱা ঘটনাই চাঞ্চ্যলৰ সৃষ্টি কৰি তুলিছে ৷ প্ৰমোদ বড়োৱে মহিলাৰীকে ধৰি আন ১১ জনৰ বিৰুদ্ধে তৰা ষড়যন্ত্ৰ আৰু মানহানি গোচৰ( নং চি আৰ গোচৰ নং ৩৪/২০২০) মৰ্মে ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি)/৫০০ ধাৰাত এক গোচৰ ৰজু হৈছিল। উক্ত গোচৰৰ আধাৰতে আজি কোকৰাঝাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাগ্ৰামা মহিলাৰীয়ে অধিবক্তা আব্দুল আলী মণ্ডল আৰু প্ৰসেনজিৎ দত্তক লগত লৈ আদালতত হাজিৰ হয় ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *