মুখ্যমন্ত্ৰীৰ সন্মুখত কাণত মোবাইল লৈ চেল্যুট! অতিৰিক্ত আৰক্ষী অধীক্ষকক শাস্তিমূলক বদলি…

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা পুষ্কৰ সিং ধামীৰ প্ৰট’কল মানি নচলাৰ বোজা বহন কৰিবলগীয়া হ’ল এজন আৰক্ষী বিষয়াই। মুখ্যমন্ত্ৰীৰ প্ৰট’কল উলংঘা কৰাৰ অভিযোগত উত্তৰাখণ্ড চৰকাৰে কোটদ্ৰৱাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শেখৰ ছুয়ালৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰট’কল মানি নচলাৰ বাবে বদলি কৰা হৈছে শেখৰ ছুয়ালক। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী যোৱা কেইদিনমানৰ পৰা ৰাজ্যখনত ভূমিস্খলন আৰু বানপানীৰ পৰিস্থিতিৰ বুজ ল’বলৈ কোটদ্ৰৱাৰত উপস্থিত হৈছিল। মুখ্যমন্ত্ৰী আহি পোৱাৰ সময়তে অতিৰিক্ত আৰক্ষী অধীক্ষক ফোনত কথা পাতি আছিল।

কিছুদিন পূৰ্বে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ধাৰাসাৰ বৰষুণত ক্ষতিগ্ৰস্ত ৰাজ্যখনৰ কোটদ্ৰৱাৰ জিলাত উপস্থিত হোৱাৰ সময়তে এই ঘটনা সংঘটিত হয়। বৰষুণৰ ফলত সমগ্ৰ ৰাজ্যতে ভূমিস্খলন আৰু বানপানীৰ সৃষ্টি হৈছে। পৰিস্থিতিৰ বুজ ল’বলৈ কোটদ্ৰৱাৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কোটদ্ৰৱাৰত অৱতৰণ কৰি চপাৰৰ পৰা ওলাই অহাত এ এছ পি শেখৰ ছুয়ালকে ধৰি বহু জ্যেষ্ঠ বিষয়া তেওঁক আদৰণি জনাবলৈ উপস্থিত থাকে। কিন্তু শেখৰ ছুয়ালে প্ৰট’কল আওকাণ কৰি মুখ্যমন্ত্ৰী অৱতৰণ কৰাৰ সময়তো নিজৰ ফোনযোগে কথা পাতি থাকিল। ফোনত কথা পাতি মুখ্যমন্ত্ৰীক চেল্যুট দিলে।

অতিৰিক্ত আৰক্ষী অধীক্ষক শেখৰ ছুয়ালৰ এই কাৰ্যক মুখ্যমন্ত্ৰীৰ প্ৰট’কল উলংঘা বুলি বিবেচিত কৰা হৈছে। মুখ্যমন্ত্ৰীক আওকাণ কৰি ফোনযোগে কথা পাতিলে ৰাজ্য চৰকাৰে অতিৰিক্ত আৰক্ষী অধীক্ষক শেখৰ ছুয়ালৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ বাধ্য হৈছে। চৰকাৰে বিষয়টো গুৰুত্বসহকাৰে লৈ এ এছ পি বদলিৰ নিৰ্দেশ জাৰি কৰিছে। তেওঁক এ এছ পি কোটদ্ৰৱাৰ পদৰ পৰা অপসাৰণ কৰি আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰলৈ বদলি কৰা হৈছে। এই পোষ্টিং বিভাগৰ পৰা শাস্তিমূলক পোষ্টিং হিচাপে লোৱা বুলি কোৱা হৈছে।

খবৰ অনুসৰি আৰক্ষী বিভাগে কৈছে যে প্ৰট’কল উলংঘা কৰাৰ বাবে এনে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। কিন্তু ই এক ৰুটিন পোষ্টিং। ছচিয়েল মিডিয়াত এ এছ পি শেখৰ ছুয়ালে প্ৰট’কল উলংঘা কৰা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতহে এই কাৰ্য সংঘটিত হৈছে। ভিডিঅ’টোত দেখা গৈছে যে এ এছ পি ছুয়ালে ফোনত কথা পাতি মুখ্যমন্ত্রীৰ কাষেৰে পাৰ হৈ এহাতেৰে ফোনটো ধৰি মুখ্যমন্ত্রীক চেল্যুট দিছে৷ সেয়েহে ইয়াক অতিৰিক্ত এছ পিৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ সময়ৰ উল্লেখ কৰি শাস্তিমূলক পোষ্টিং হিচাপে বিবেচনা কৰা হৈছে।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *