ভাৰতীয় বীমা খণ্ডই একত্ৰিত হৈ মিজোৰামত বীমাৰ ক্ষেত্ৰখন বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। ২০৪৭ চনৰ ভিতৰত ‘সকলোৰে বাবে বীমা’ৰ IRDAIৰ লক্ষ্যৰ অংশ হিচাপে মিজোৰামত বীমাখণ্ডৰ প্ৰৱেশ বৃদ্ধি কৰিবলৈ পদক্ষেপ হাতত লৈছে। জীৱন বীমাই কৰ্মচাৰী, জীৱন আৰু পেঞ্চনৰ বাবে বিস্তৃত সমাধান প্ৰদান কৰে। আনহাতে সাধাৰণ বীমাই সম্পত্তি, স্বাস্থ্য আৰু পেঞ্চন সামৰি লয়। ই চিন্তামুক্ত অৱসৰ নিশ্চিত কৰিবলৈ পেঞ্চনৰ সামগ্ৰী প্ৰদান কৰে।
টাটা AIA আৰু অন্যান্য জীৱন বীমা প্ৰতিষ্ঠানসমূহে মিজো ভাষাত ভিডিঅ’ৰ জৰিয়তে নাগৰিকসকলৰ বিত্তীয় পৰিকল্পনাৰ বিষয়ে বুজাবুজি উন্নত কৰাৰ বাবে অভিযান আৰম্ভ কৰিছে। য’ত জীৱন বীমাই কেনেকৈ ব্যাপক লাভালাভ প্ৰদান কৰে সেই বিষয়ে ব্যাখ্যা কৰিছে। IFFCO-TOKIOই আউটডৰ সংবাদ মাধ্যম আৰু সামাজিক মিডিয়াত অভিযানৰ জৰিয়তে সাধাৰণ বীমা সমাধানৰ বাবেও দৃশ্যমানতা সৃষ্টি কৰিছে।
মিজোৰামত জীৱন বীমাৰ সজাগতা আৰু অনুপ্ৰৱেশ বৃদ্ধিৰ বাবে IRDAI-এ কাম কৰি আছে। এই সন্দৰ্ভত অগ্ৰগতিৰ বিষয়ে আলোচনা কৰিবলৈ লালৰামছাংগা চাইলো আৰু গৌতম কুমাৰৰ নিৰ্দেশনাত এখন বৈঠক অনুষ্ঠিত কৰা হয়। মিজোৰাম চৰকাৰৰ সচিব লালৰামছাংগা ছাইলোৱে মূল ভাষণ প্ৰদান কৰি কয়, “ৰাজ্যিক পৰ্যায়ৰ বীমা সজাগতা আৰু অনুপ্ৰৱেশ অভিযান আৰম্ভ কৰাৰ বাবে IRDAIৰ পদক্ষেপক সমৰ্থন জনাই আমি অত্যন্ত আনন্দিত। আমি এই পদক্ষেপত অংশগ্ৰহণ কৰিবলৈ আৰু এই কাৰ্যসূচীৰ সফলতা নিশ্চিত কৰিবলৈ আগ্ৰহী।”