মিছ নৰ্থ ইষ্ট ২০২২ত খিতাপ দখল মেঘালয়ৰ সুন্দৰী আইৰিন ডখাৰৰ…

বৃহস্পতিবাৰে নাগালেণ্ডৰ কোহিমাত অনুষ্ঠিত হোৱা মিছ নৰ্থ ইষ্ট ২০২২ৰ খিতাপ দখল কৰিছে মেঘালয়ৰ আইৰিন ডখাৰে।

উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ মুঠ ১৪ গৰাকী প্ৰতিযোগীয়ে খিতাপৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰে।

নৰ্থ ইষ্ট বিউটি পেজেণ্ট অৰ্গেনাইজেশ্যনৰ উদ্যোগত আৰু বিউটি এণ্ড এষ্টেটিক ছ’চাইটি অৱ নাগালেণ্ড (BASN)ৰ উদ্যোগত অনুষ্ঠিত হৈছিল এই মিছ নৰ্থ ইষ্ট প্ৰতিযোগিতাখন।

উল্লেখযোগ্য যে এইবাৰ প্ৰথমবাৰৰ বাবে মিছ নৰ্থ-ইষ্ট প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। নাগালেণ্ড চৰকাৰৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত কৰা হয় এই প্ৰতিযোগিতা।

প্রতিযোগিতাত বিজয়ী ঘোষণা কৰা ডখাৰে উপহাৰৰ টোপোলাৰ লগতে ১.৫ লাখ টকাৰ নগদ পুৰস্কাৰ লাভ কৰে।

এই প্ৰতিযোগিতাৰ পৰৱৰ্তী সংস্কৰণ ছিকিমত অনুষ্ঠিত হোৱাৰ কথা।

ইফালে, প্ৰথম ৰানাৰ্ছ আপ আৰু দ্বিতীয় ৰানাৰ্ছ আপ হৈছে অসমৰ এশানী হাতীমুৰিয়া আৰু অৰুণাচল প্ৰদেশৰ ডাইনা জোমো।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *