মিছ ইউনিভাৰ্ছৰ চূড়ান্ত প্ৰতিযোগী ছিয়েনা ৱেয়াৰৰ ২৩ বছৰত মৃত্যু

ঘোঁৰা চলোৱাৰ সময়তে কৰুণ দুৰ্ঘটনাত পতিত হৈ মৃত্যু ২০২২ চনৰ মিছ ইউনিভাৰ্ছৰ চূড়ান্ত প্ৰতিযোগী তথা অষ্ট্ৰেলিয়ান ফেশ্বন মডেল ছিয়েনা ৱেয়াৰৰ।

বাতৰি অনুসৰি, ২ এপ্ৰিলত অষ্ট্ৰেলিয়াৰ উইণ্ডচৰ প’ল’ গ্ৰাউণ্ডত হৰ্ছ ৰাইডিঙৰ সময়তে ঘোঁৰাৰ পৰা পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ২৩ বৰ্ষীয় সুন্দৰীগৰাকী।

তেতিয়াৰে পৰা চিকিৎসাধীন হৈ থকা ছিয়েনাই অৱশেষত ৪ মে’ত শেষ নিশ্বাস ত্যাগ কৰে।

উল্লেখযোগ্য যে, ২০২২ চনৰ অষ্ট্ৰেলিয়ান মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত ২৭ গৰাকী চূড়ান্ত প্ৰতিযোগীৰ ভিতৰত অন্যতম আছিল ছিয়েনা ৱেয়াৰ।

ছিডনী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্য আৰু মনোবিজ্ঞানত দুটাকৈ ডিগ্ৰী লাভ কৰা সুন্দৰীগৰাকী পৰৱৰ্তী সময়ত জড়িত হৈ পৰিছিল মডেলিং জগতখনৰ সৈতে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *