মাধমাৰ জনতাৰ ওপৰত! আকৌ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য…

বিদ্যুৎ বিলৰ পিছত এইবাৰ জনতাৰ ওপৰত মাধমাৰ শোধাই বৃদ্ধি কৰা হ’ল পেট্ৰ’ল আৰু ডিজেলৰো দাম।

এইবাৰ প্ৰতি লিটাৰ পেট্ৰ’ল-ডিজেলত বৃদ্ধি পালে ৫০ পইচাকৈ।

এই বৃদ্ধিৰ পিছত অসমত পেট্ৰ’লৰ সংশোধিত হাৰ প্ৰতি লিটাৰত ৯৭.৫৪ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৯০.২৩ টকা হৈছেগৈ।

উল্লেখ্য যে, ৩১ মে’তো প্ৰতিলিটাৰ পেট্ৰ’লত ৫০ পইচা আৰু ডিজেলত ৫৭ পইচা বৃদ্ধি পাইছিল।

মূল্যবৃদ্ধিৰ এনে ভয়াবহ পৰিস্থিতিত সাধাৰণ জনতাৰ বাবে এতিয়া জীয়াই থকাটোৱে এক ভয়াবহ সংগ্ৰামলৈ পৰিণত হৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *