মহিলা সংৰক্ষণ বিধেয়কক লৈ বিৰোধীক জনসভাত বিৰোধীক আক্ৰমণ প্ৰধামন্ত্ৰী মোদীৰ, প্ৰত্যুত্তৰ দিলে শৰদ পাৱাৰেও

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত ৰাজস্থানৰ জয়পুৰত বিৰোধী দলক কৰা আক্ৰমণক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জাতীয়তাবাদী কংগ্ৰেছ (এনচিপি)ৰ মুৰব্বী শাৰদ পাৱাৰে।

প্ৰাক্তন মুখ্যমন্ত্ৰী শাৰদ পাৱাৰে কয়, ‘১৯৯৩ চনত আমি মহিলাক সংৰক্ষণ দিছিলোঁ। মহাৰাষ্ট্ৰ দেশৰ প্ৰথমখন ৰাজ্য যিয়ে মহিলাক সংৰক্ষণ প্ৰদান কৰিছিল। হয়তো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা নাজানে।” আচলতে প্ৰধানমন্ত্ৰী মোদীয়ে সোমবাৰে (২৫ ছেপ্টেম্বৰ) দাবী কৰিছিল যে বিৰোধী দলসমূহে আপোনালোকৰ (মহিলা) হেঁচাত মহিলা সংৰক্ষণ বিধেয়কক সমৰ্থন কৰিছে।

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শাৰদ পাৱাৰে আৰু কয়, “কালি দেশৰ প্ৰধানমন্ত্ৰীয়ে কয় যে মহিলা সংৰক্ষণৰ সিদ্ধান্ত সংসদত সৰ্বসন্মতিক্ৰমে লোৱা হৈছে। সংসদৰ দুজন সদস্যৰ বাহিৰে কোনেও মহিলা সংৰক্ষণ বিধেয়কৰ বিৰোধিতা কৰা নাছিল। আমাৰ পৰামৰ্শ আৰু দাবী আছিল যে সাংবিধানিক সংশোধনৰ সময়ত অ’বিচিকো সুযোগ দিয়া উচিত।’’

শৰদ পাৱাৰে কয় যে তদানীন্তন কংগ্ৰেছ চৰকাৰৰ দিনত ৭৩ সংখ্যক সাংবিধানিক সংশোধনীৰ পিছত স্থানীয় সংস্থাত মহিলাৰ বাবে ৩৩ শতাংশ কোটাৰ ব্যৱস্থা কৰা হৈছিল। মই যেতিয়া প্ৰতিৰক্ষা মন্ত্ৰী আছিলো তেতিয়া সেনা, নৌসেনা আৰু বায়ুসেনাৰ মহিলাক ১১ শতাংশ সংৰক্ষণ দিয়া হৈছিল।

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীয়ে উপযুক্ত তথ্য নিদিয়াটো দুৰ্ভাগ্যজনক বুলিও তেওঁ কয়। এই কাৰণতে তেওঁ কংগ্ৰেছৰ বিৰুদ্ধে এনে বক্তব্য দিয়া বুলি মন্তব্য কৰে পাৱাৰে।

ইফালে খালিস্তানৰ সমৰ্থক হৰদীপ সিং নিজ্জাৰ হত্যাক লৈ ভাৰত আৰু কানাডাৰ মাজত বিবাদ অব্যাহত আছে। শৰদ পাৱাৰে কয় যে এজন ভাৰতীয় নাগৰিক আৰু সংসদৰ সদস্য হোৱাৰ বাবে ভাৰত চৰকাৰৰ বৈদেশিক নীতিক মই সম্পূৰ্ণৰূপে সমৰ্থন কৰো।

উল্লেখ্য যে, সোমবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কংগ্ৰেছ আৰু তেওঁলোকৰ নতুন অহংকাৰী মিত্ৰজোঁটে সংসদত মহিলা সংৰক্ষণ বিধেয়কক হেঁচাত পৰি সমৰ্থন কৰিছিল কাৰণ তেওঁলোকৰ হাতত কোনো বিকল্প নাছিল। প্ৰণিধানযোগ্য যে কংগ্ৰেছ, আম আদমী পাৰ্টি, এনচিপি, টিএমচিকে ধৰি ২৮টা দলৰ বিৰোধী মিত্ৰজোঁটৰ নাম ‘ইণ্ডিয়া’। এইটোৱেই প্ৰধানমন্ত্ৰী মোদীয়ে অহংকাৰী মিত্ৰতা বুলি অভিহিত কৰিছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *