বুধবাৰে মহিলা প্ৰিমিয়াৰ লীগৰ খেলখনত চফিয়া ডাংকলি (৬৫) আৰু হাৰলীন দেওল (৬৭)ৰ সুন্দৰ অৰ্ধশতকৰ সহায়ত গুজৰাট জায়াণ্টছে প্ৰতিদ্বন্দ্বি ৰয়েল চেলেঞ্জৰ বাংগালুৰুক ১১ ৰানত পৰাস্ত কৰাত সহায় কৰে, যিটো তেওঁলোকৰ একেৰাহে তৃতীয় পৰাজয়। প্ৰথমে বেটিং কৰি গুজৰাট দলে সাতটা উইকেটত ২০১ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত আৰচিবিয়ে মাত্ৰ ছয়টা উইকেটৰ বিনিময়ত ১৯০ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। আৰচিবিৰ অপেনাৰ ছফি ডেভাইনে আঠটা চাৰি আৰু দুটা ছয়ৰ সহায়ত ৪৫ টা বলত ৬৬ ৰান সংগ্ৰহ কৰে, অকলে তেওঁ যুঁজিবলৈ চেষ্টা কৰে কিন্তু আনটো প্ৰান্তৰ পৰা তেওঁ সমৰ্থন লাভ নকৰে। অৱশেষত, হিথাৰ নাইটে ১১ টা বলত অপৰাজিত ৩০ ৰান কৰি আশা জগাইছিল কিন্তু শেষৰ দুটা অভাৰত দলটোক ৩৩ আৰু অন্তিম অভাৰত ২৪ ৰানৰ প্ৰয়োজন হৈছিল, যিটো কৰা টো প্ৰায় অসম্ভৱ আছিল। আৰচিবিৰ তাৰকা বেটছমেন আৰু অধিনায়ক স্মৃতি মান্ধানা আকৌ এবাৰ বিফল হৈছিল আৰু ১৮ ৰানত আউট হৈছিল। এলিজ পেৰীয়ে মাত্ৰ ৩২ ৰানহে সংগ্ৰহ কৰিব পাৰিছিল, যদিও তেওঁ ডেভাইনৰ সৈতে দ্বিতীয় উইকেটৰ বাবে ৪৩ ৰান যোগ কৰিছিল। পেৰীয়ে ২৫ টা বলত ৩২ ৰাণ কৰিছিল আৰু দ্বাদশ অভাৰত আউট হৈছিল। একে সময়তে, ৰিচা ঘোষেও মাত্ৰ দহ ৰানহে সংগ্ৰহ কৰিছিল।
মহিলা প্ৰিমিয়াৰ লীগত গুজৰাটৰ প্ৰথম জয়, আৰচিবিৰ একেৰাহে তৃতীয় পৰাজয়
