মণিপুৰৰ ভাইৰেল ভিডিঅ’ক লৈ কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰে। মণিপুৰৰ সৈতে জড়িত এক গোচৰৰ প্ৰতিক্ৰিয়া স্বৰূপে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বৃহস্পতিবাৰে শপতনামাযোগে কয় যে মহিলাৰ বিৰুদ্ধে কোনো ধৰণৰ নিৰ্যাতন সহ্য কৰা নহ’ব।
উল্লেখযোগ্য যে মণিপুৰত দুগৰাকী মহিলাক উলংগ কৰি পেৰেড কৰাৰ গোচৰত বৃহস্পতিবাৰে আৰু এজন লোকক গ্ৰেপ্তাৰ কৰা হয়। নৃশংস নিৰ্যাতনৰ ভিডিঅ’ লোৱা ব্যক্তিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অভিযুক্তৰ মোবাইল ফোনটো জব্দ কৰা হৈছে। আনহাতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বৃহস্পতিবাৰে এই ঘটনা সন্দৰ্ভত চিবিআইৰ তদন্তৰ নিৰ্দেশ দিছে। মণিপুৰৰ বাহিৰত এই গোচৰৰ বিচাৰ সম্পূর্ণ কৰিব বিচাৰিছে কেন্দ্রই৷
অৰ্থাৎ মোডী চৰকাৰে বুজাব বিচাৰিছে যে মণিপুৰৰ ঘটনাৰ তদন্তত কোনো ধৰণৰ গাফিলতি নহ’ব। কালি উচ্চতম ন্যায়ালয়ত দিয়া শপতনামাত কেন্দ্ৰই একেই কথা কৈছে। গৃহ মন্ত্ৰণালয়ৰ সচিব অজয় ভল্লাই শপতনামাযোগে কয় যে, ‘মহিলাৰ বিৰুদ্ধে যিকোনো ধৰণৰ অপৰাধৰ প্ৰতি কেন্দ্ৰৰ নীতি শূন্য সহনশীলতা। আমি এই ধৰণৰ অপৰাধক নৃশংস বুলি গণ্য কৰোঁ। ইয়াক যিমান গুৰুত্ব দিব লাগে সিমান গুৰুত্বসহকাৰে লোৱা হৈছে। আমি বিচাৰো অপৰাধীসকলে দৃষ্টান্তমূলক শাস্তি পাওক, যাতে সমাজলৈ ইতিবাচক বাৰ্তা বিয়পি পৰে।”
কেন্দ্ৰৰ শপতনামাৰ পিছত শুকুৰবাৰে পুনৰ শুনানি গ্ৰহণ কৰাৰ কথা আছিল মণিপুৰ গোচৰৰ। কিন্তু মুখ্য ন্যায়াধীশ অনুপস্থিত থকাৰ বাবে আজিৰ দিনটোত মণিপুৰৰ গোচৰৰ শুনানি নহ’ব বুলি আদালতৰ সূত্ৰই প্ৰকাশ কৰিছে।