মহিলাৰ অনুৰ্ধ-১৯ টি-২০ বিশ্বকাপত একেৰাহে তৃতীয় জয় ভাৰতৰ

শফালী বাৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটোৱে বুধবাৰে গ্ৰুপ ডি-ৰ লীগ মেচত দুৰ্বল স্কটলেণ্ডক ৮৩ ৰানত পৰাস্ত কৰি মহিলাৰ অনুৰ্ধ-১৯ টি-২০ বিশ্বকাপত একেৰাহে তৃতীয়টো বিজয় পঞ্জীয়ন কৰে। উইলোমুৰ পাৰ্ক বি ফিল্ডত প্ৰথমে বেটিং কৰি ভাৰতে চাৰি উইকেটত ১৪৯ ৰান সংগ্ৰহ কৰে, যাৰ প্ৰতিক্ৰিয়াস্বৰূপে সমগ্ৰ স্কটলেণ্ড দলটোৱে ১৩.১ অভাৰত ৬৬ ৰান সংগ্ৰহ কৰি পৰাজিত হয়। গ্ৰুপ ডিত এইটো ভাৰতৰ তৃতীয় জয়। ইয়াৰ পূৰ্বে, তেওঁলোকে দক্ষিণ আফ্ৰিকা আৰু সংযুক্ত আৰৱ আমিৰাতৰ বিৰুদ্ধে জয়লাভ কৰিছিল।
স্কটলেণ্ডক সহজে অলআউট কৰাৰ কৃতিত্ব পঞ্জাৱৰ পাটিয়ালাৰ মান্নাত কাশ্যপ (১২ ৰানত চাৰিটা) আৰু উত্তৰ প্ৰদেশৰ কানপুৰৰ অৰ্চনা দেৱীক (১৪ ৰাণত তিনিটা উইকেট) দিয়া হয়। ইয়াৰ উপৰিও উত্তৰ প্ৰদেশৰ ফিৰোজাবাদৰ সোনম যাদৱে মাত্ৰ এক ৰানৰ বিপৰীতে দুটা উইকেট দখল কৰে। স্কটলেণ্ডৰ উদ্বোধনী যুটি এলিছা লিষ্টাৰ (১৪) আৰু ড্ৰেছি কাৰ্টাৰে (২৪) তেওঁলোকৰ ব্যক্তিগত নম্বৰ দুটা অংকলৈ লৈ যাবলৈ সক্ষম হয়। এবাৰত দুটা উইকেটত ৪১ ৰান সংগ্ৰহ কৰি ভাৰতৰ বিৰুদ্ধে খেলপথাৰত থিয় হৈ থকা স্কটলেণ্ডৰ দলটো হঠাতে তাচৰ ঘৰৰ দৰে খহি পৰে। ইয়াৰ আঠজন খেলুৱৈয়ে কেৱল দলটোৰ স্ক’ৰ ২৫ ৰান বৃদ্ধি কৰিবলৈ সক্ষম হয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *