মহাৰাষ্ট্ৰৰ বুলধনাত বাছ আৰু ট্ৰাকৰ সংঘৰ্ষত নিহত ৭ জন, আহত ১৩ জন

মহাৰাষ্ট্ৰৰ বুলধনা জিলাৰ নাগপুৰ-পুনে ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা।

বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত নিহত কমেও ৭ জন যাত্ৰী। দুৰ্ঘটনাত আহত হৈছে আন ১৩ জন।

মঙলবাৰে পুৱা বুলধনাৰ মেহেকাৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।

জানিব পৰা মতে, যাত্ৰীবাহী বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে বিপৰীত দিশৰ পৰা আহি থকা ট্ৰাকখনত।

দুৰ্ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক হাস্পতাললৈ প্ৰেৰণ কৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *