মহাৰাষ্ট্ৰৰ পুনেত প্ৰশিক্ষণৰ সময়তে এখন বিমান দুৰ্ঘটনাত পতিত হোৱাত কথমপি প্ৰাণৰক্ষা পৰে সেই সময়ত হেলিকপ্টাৰখনত থকা এগৰাকী প্ৰশিক্ষক আৰু প্ৰশিক্ষাৰ্থী পাইলট। সংবাদ সংস্থা এ এন আইৰ তথ্য অনুসৰি পুনেৰ বাৰামাটি বিমানবন্দৰৰ সমীপত ৰেড বাৰ্ড একাডেমী টেকনামৰ এখন বিমানে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হৈছিল।
ডিজিচিএই এক বিবৃতিত কয় যে, “ৰেড বাৰ্ড একাডেমী টেকনামৰ এখন বিমানে বাৰামাটি বিমানবন্দৰৰ পৰা ২ মাইল উত্তৰত থকা স্থানত জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হৈছিল। প্ৰশিক্ষক আৰু প্ৰশিক্ষাৰ্থী দুয়োজনেই নিৰাপদ। অধিক তদন্ত চলি আছে।”
বিষয়াসকলৰ মতে, মহাৰাষ্ট্ৰৰ পুনে জিলাৰ গোজুবাৱী গাঁৱৰ সমীপত প্ৰশিক্ষণৰ সময়ত প্ৰশিক্ষণ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। এনডিটিভিৰ তথ্য অনুসৰি পুনে আৰক্ষীৰ এজন বিষয়াই কয় যে, “পুনে জিলাৰ গোজুবাৱী গাঁৱৰ সমীপত প্ৰশিক্ষণৰ সময়ত এখন প্ৰশিক্ষণ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। অধিক বিৱৰণৰ বাবে অপেক্ষা কৰা হৈছে।”
ইণ্ডিয়া টুডেৰ তথ্য অনুসৰি দুয়োজন পাইলট একাধিক স্থানত আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
যোৱা চাৰিদিনত ব্যক্তিগত বিমান একাডেমীৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ এয়া দ্বিতীয়টো ঘটনা। বৃহস্পতিবাৰে পাইলট থকা দ্বিতীয়খন প্ৰশিক্ষণ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। এই বিমানখন ৰেডবাৰ্ড ফ্লাইট ট্ৰেইনিং একাডেমীৰ প্ৰশিক্ষণৰ অংশও আছিল।