মহাৰাষ্ট্ৰত ভয়ংকৰ বাছ দুৰ্ঘটনাত ১৩ জনৰ মৃত্যু, আহত ২৭ জন

সংগীতানুষ্ঠান পৰিৱেশন কৰি ওভতাৰ পথতে নিয়ন্ত্ৰণ হেৰুৱাই এখন শিল্পীৰ দল কঢ়িওৱা বাছ দ খাৱৈত বাগৰি পৰাত কমেও ১৩ জন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে আহত হয় আন ২৭ জনকৈ লোক।

পুৱা প্ৰায় ৪.৫০ বজাত এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয় মহাৰাষ্ট্ৰৰ ৰাইগড় জিলাৰ পুৰণি মুম্বাই-পুনে ঘাইপথত।

জানিব পৰা মতে, লোক সংগীত শিল্পীক কঢ়িয়াই অনা বাছখনে পুনেৰ পৰা মুম্বাই অভিমুখে গৈ থকা সময়তে নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰ শ্বিংৰোৱা মন্দিৰৰ সমীপৰ দ খাৱৈত বাগৰি পৰে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ‘বাজী প্ৰভু ভাদক গ্ৰুপ’ৰ সদস্যসকলে পুনেৰ পিম্পড়ী চিঞ্চৰৱাড় অঞ্চলত সংগীতানুষ্ঠান পৰিৱেশন কৰি গোৰেগাঁওলৈ উভতি আহিছিল।

নিহত সকল মুম্বাইৰ ছিয়ন আৰু গোৰেগাঁও আৰু চুবুৰীয়া পালঘৰ জিলাৰ ভিৰাৰৰ বাসিন্দা বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

ইফালে দুৰ্ঘটনাৰ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি খোপোলি গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰোৱায়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *