আশীৰ দশকত দূৰদৰ্শনযোগে সম্প্ৰচাৰিত বি আৰ চোপ্ৰাৰ মেগা টিভি ধাৰাবাহিক ‘মহাভাৰত’ত শকুনি মামাৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয় হৈ পৰা অভিনেতা গুফি পেইণ্টল আৰু নাই।
৭৮ বছৰ বয়সত হৃদক্ৰিয়া বন্ধ হৈ চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে ছবি আৰু সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেতাগৰাকীয়ে।
জানিব পৰা মতে, অভিনেতাগৰাকীৰ স্বাস্থ্যজনিত সমস্যাৰ বাবে তেওঁক দেওবাৰে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও সোমবাৰে পুৱা হাস্পতালতে হৃদক্ৰিয়া বন্ধ হৈ শেষ নিশ্বাস ত্যাগ কৰে।
মহাভাৰতৰ শকুনি মামাৰ চৰিত্ৰক বাস্তৱ ৰূপ দি চিৰকাললৈ নিজৰ নাম অভিনয়ৰ ক্ষেত্ৰত খোদিত কৰি থৈ যোৱা গুফি পেইণ্টলে ঋষি কাপুৰৰ ৰাফু চক্কৰ, দিল্লগী, দেশ পৰদেশ, চুহাগ আদি ছবিতো অভিনয় কৰি নিজৰ অভিনয়ৰে দৰ্শকৰ মন মুহিছিল।
ইয়াৰোপৰি পেইণ্টলে কানুন, ওম নমঃ শিৱায়, চিআইডি, দ্বাৰকাধীশ শ্ৰীকৃষ্ণ আদি অনেক ধাৰাবাহিকত অভিনয় কৰিছিল।