অসমৰ গুৱাহাটীৰ হাতীগাঁৱৰ মিৰাকেল ৰিহাব চেণ্টাৰত সোমবাৰে এজন লোকক ছুৰীৰে আঘাত কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। নিহত লোকজনৰ নাম অৰিন্দম খাউণ্ড।
খবৰ অনুসৰি কেন্দ্ৰটোত দুজন ৰোগীৰ মাজত তীব্ৰ কাজিয়া সংঘটিত হয় এই ঘটনা। যাৰ পিছত আমিনুৰ হুছেইন নামৰ এজন ৰোগীয়ে অৰিন্দমক চোকা অস্ত্ৰৰে নিৰ্মমভাৱে আঘাত কৰে।
সমগ্ৰ ঘটনাটো চিচিটিভিৰ ফুটেজত বন্দী হৈছে। অৱশ্যে অভিযুক্ত আমিনুৰক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।