মহানগৰীত ফটো সাংবাদিকক আক্ৰমণ দুৰ্বৃত্তৰ দলৰ…

গুৱাহাটী মহানগৰীত ভয়ংকৰ ঘটনা।

এগৰাকী ফটো সাংবাদিকক পুৱতি নিশা আক্ৰমণ সুৰাসক্ত দুস্কৃতিকাৰীৰ।

বাতৰি অনুসৰি গুৱাহাটীৰ জি এছ ৰোডৰ ছিলভাৰ স্কোৱাৰ বিল্ডিঙৰ সমীপত এই ঘটনা সংঘটিত হয়।

পুৱতি নিশা সুৰাপায়ী ৩ জনীয়া দুস্কৃতিকাৰীৰ এটা দলে আক্ৰমণ কৰে বিমল দাস নামৰ এগৰাকী ফটো সাংবাদিকক।

আনহাতে এই আক্ৰমণৰ ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে দুস্কৃতিকাৰীয়ে।

ইফালে এই গোচৰ সন্দৰ্ভত দিছপুৰ থানাত ৰুজু হৈছে এক গোচৰ।

আৰক্ষীয়ে AS01-DU8803 নম্বৰৰ এখন বাহন জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *