মহানগৰীত পত্নীৰ হাততে হত্যাৰ বলি হোৱা অমৰজ্যোতি দে’ৰ মৃতদেহ মেঘালয়ৰ খাৱৈত উদ্ধাৰ…

গুৱাহাটীত পত্নী বন্দনা কলিতাই হত্যা কৰি টুকুৰা টুকুৰ কৰি পেলোৱা অমৰজ্যোতি দেৰ মৃতদেহটো মঙলবাৰে মেঘালয়ৰ ডাউকী পথৰ সমীপত আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

খবৰ অনুসৰি মৃতদেহটো এটা প্লাষ্টিকৰ বেগত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ হৈছে।

মৃত অমৰজ্যোতিক বিগত বৰ্ষৰ ১৭ আগষ্টত হত্যা কৰা হৈছিল।

খবৰ অনুসৰি বন্দনা কলিতাই স্বামী আৰু শাহুৱেকক হত্যা কৰি টুকুৰা টুকুৰ কৰি পেলাইছিল। পিছত তাই মেঘালয়ৰ বিভিন্ন ঠাইত শৰীৰৰ সকলো অংগ পেলাই দিয়ে।

এদিন পূৰ্বে মেঘালয়ৰ খাৱৈৰ পৰা উদ্ধাৰ কৰা হৈছিল বন্দনাৰ শাহুৱেক শংকৰী দে’ৰ মৃতদেহৰ অংগ।

বন্দনাক এই অপৰাধ সংঘটিত কৰাত সহায় কৰা ধনটি ডেকা আৰু অৰূপ ডেকা নামৰ আৰু দুজন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *