তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰাৰ বিৰুদ্ধে উত্থাপিত অভিযোগক লৈ সৰৱ হৈ আছে বিজেপি। দলটোৱে জনোৱা মতে, আদানীৰ বিৰুদ্ধে প্ৰশ্নৰ বিনিময়ত দৰ্শন হিৰণানন্দনীৰ পৰা নগদ ধন লোৱাৰ অভিযোগত সংসদত সাংসদ মহুৱা মৈত্ৰাৰ বিৰুদ্ধে চলি থকা গোচৰৰ পৰা তৃণমূলে এতিয়া আনুষ্ঠানিকভাৱে আঁতৰি আহিছে।
বিজেপিৰ ৰাষ্ট্ৰীয় আই টি প্ৰভাৰী অমিত মালব্যই টুইটাৰত এক পোষ্টযোগে কয় যে তৃণমূলৰ মুৰব্বী মমতা বেনাৰ্জীয়ে মহুৱা মৈত্ৰাক পৰিহাৰ কৰাটো কোনো আচৰিত কথা নহয়।
মালব্যই কয়, ”মমতা বেনাৰ্জীয়ে অভিষেক বেনাৰ্জীৰ বাহিৰে আন কাকো ৰক্ষা নকৰে। গুৰুতৰ দুৰ্নীতি আৰু অপৰাধমূলক অভিযোগৰ বাবে টিএমচিৰ বহু নেতা জেলত আছে, কিন্তু মমতা বেনাৰ্জীয়ে মৌনতা ধাৰণ কৰিছে।’’
উল্লেখ্য যে এই সমগ্ৰ বিতৰ্ক আৰম্ভ হৈছিল যেতিয়া বিজেপি সাংসদ নিশিকান্ত ডুবেয়ে লোকসভাৰ অধ্যক্ষলৈ এখন পত্ৰ লিখি মহুৱা মৈত্ৰাই উদ্যোগপতি দৰ্শন হীৰানন্দনীৰ পৰা সংসদত গৌতম আদানীৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰাৰ বাবদ ধন লোৱাৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁৰ সংসদত লগইন আৰু পাছৱৰ্ড দিছিল বুলি কৰা দাবীৰ তদন্তৰ দাবী জনাইছিল , এই বিষয়ে তৃণমূলে কয় যে এই বিষয়ত দলে একো নকয়। দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক কুনাল ঘোষে কয় যে, অভিযোগৰ সৈতে জড়িত (ব্যক্তি/মহিলা) য়েহে এই প্ৰশ্নৰ উত্তৰ দিব পাৰিব, তৃণমূল কংগ্ৰেছে কোনো উত্তৰ নিদিয়ে।