মবিলে™ আৰম্ভ কৰিলে নতুন অভিযান – “ট্ৰাকিং ইজ হাৰ্ড; চুজিং ইঞ্জিন অইল চুডনট বি”, যাৰ উদ্দেশ্য হৈছে ট্ৰাকচালকসকলক ট্ৰাকৰ বাবে সঠিক মানদণ্ডৰ ইঞ্জিন অইল নিৰ্বাচন কৰাত সহায় কৰা, যিটো কেতিয়াও সহজ হোৱা নাছিল। মবিলে ট্ৰাকচালকসকলক ট্ৰাকৰ প্ৰয়োজনীয়তা আৰু বয়সৰ ওপৰত ভিত্তি কৰি সহজে ক্ৰয়ৰ সিদ্ধান্ত লোৱাত সহায় কৰি ইয়াক প্ৰথম স্থানত ৰাখিছে।
মবিলে আইকন আৰু সহজে বুজি পোৱা ভাষা ব্যৱহাৰ কৰি সামগ্ৰীৰ লেবেল সৰল কৰিছে। কোম্পানীটোৱে ইঞ্জিন অইলৰ বাবে ৫০% পোষ্ট-কনজিউমাৰ ৰিচাইকেল (পিচিআৰ) প্লাষ্টিকৰ পাইলৰ সৈতে বহনক্ষম পেকেজিঙৰ প্ৰচাৰৰ বাবে এক প্ৰচেষ্টা আৰম্ভ কৰিছে, যি ভাৰতৰ ভিতৰতে প্ৰথম। মবিল ডেলভাক™ সামগ্ৰীবোৰে পাইল পেকৰ বাবে পিচিআৰ ব্যৱহাৰ কৰিব। এই বিষয়ে ভাষণ প্ৰদান কৰি এক্সনমবিল লুব্ৰিকেণ্টছ প্ৰাইভেট লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া বিপিন ৰাণাই কয় যে, “মবিল ডেলভেকটিএমে সকলো পৰিস্থিতিত ইঞ্জিনৰ আৱৰণৰ পৰা ট্ৰাকক সুৰক্ষা প্ৰদান আৰু ট্ৰাক চালক আৰু ব্যৱসায়ীক লাভৱান হ’বলৈ সক্ষম কৰি তোলাৰ বাবে ১০০ বছৰীয়া যুগান্তকাৰী প্ৰচেষ্টাৰ বাটেৰে আগবাঢ়িছে।”
“লগতে, আমাৰ ৫০% ষ্ট-কনজিউমাৰ ৰিচাইকেল (পিচিআৰ) প্লাষ্টিকৰ পাইল আৰু আণ্ডাৰৰাইটাৰ লেবৰেটৰীৰ জিৰ’ ৱেষ্ট টু লেণ্ডফিল (জেডব্লিউটিএল) প্ৰমাণপত্ৰ হৈছে আমি কেনেদৰে আমাৰ বহনক্ষমতাৰ উচ্চাকাংক্ষাক আগবঢ়াই লৈ গৈছো তাৰ স্বাক্ষুস উদাহৰণ।”-তেওঁ লগতে কয়।সংশোধিত বাণিজ্যিক ডিজেল লুব্ৰিকেণ্ট, মবিল ডেলভাক™ মডাৰ্ণ আৰু মবিল ডেলভাক™ লিজেণ্ড আগবঢ়াইছে মবিলে, যিয়ে নতুন বাহন আৰু পুৰণি ইঞ্জিনৰ বাবে ইঞ্জিন সুৰক্ষা আৰু দীঘলীয়া প্ৰতিস্থাপন ব্যৱধান নিশ্চিত কৰে।