উত্তৰ প্ৰদেশৰ উন্নাওত প্ৰাচীন শিৱ মন্দিৰত প্ৰৱেশ কৰি ভক্তসকলক আক্ৰমণ কৰে এজন মুছলমান যুৱকে। মন্দিৰৰ ভিতৰত স্থাপন কৰা চিচিটিভি কেমেৰাত ধৰা পৰে এই ঘটনা। এই ঘটনাৰ ভিডিঅ’ চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে এজন লোকে হাতত লাঠি লৈ মন্দিৰলৈ অহা ভক্তক আক্ৰমণ কৰিছে। এই ঘটনাত কেইবাজনো ভক্ত আহত হয়। শুকুৰবাৰে (২৯ ছেপ্টেম্বৰ) সংঘটিত হয় এই ঘটনা।
খবৰ অনুসৰি মন্দিৰৰ ভিতৰত বহি থকা লোকজনে দিনৰ পোহৰত ভক্তসকলক আক্ৰমণ কৰে। বঙাৰমৌ থানা এলেকাৰ অন্তৰ্গত বোধেশ্বৰ মন্দিৰৰ ভিতৰত সংঘটিত হয় এই ঘটনা। ছ’চিয়েল মিডিয়াত প্ৰচাৰিত হোৱা ভিডিঅ’টোত দেখা গৈছে যে লোকজনে মন্দিৰৰ ভিতৰলৈ আহি ভক্তসকলক আক্ৰমণ কৰে। ভিডিঅ’টোত তেওঁ মন্দিৰৰ ভিতৰত এজন বৃদ্ধক লাঠি বা ৰডেৰে আক্ৰমণ কৰা দেখা গৈছে। এই আক্ৰমণ সংঘটিত হোৱাৰ পিছতে ভক্তসকলৰ মাজত আতংকৰ সৃষ্টি হয়।
তাৰ পিছত মানুহজনে আন এজন ভক্তক মন্দিৰৰ ভিতৰত খেদি খেদি পিছফালৰ পৰা আঘাত কৰে তাৰ পিছত মানুহজনে আন এজন বৃদ্ধ ভক্তক আক্ৰমণ কৰি লাঠিডালেৰে আঘাত কৰে। মানুহজনে আক্ৰমণৰ পৰা নিজকে বচাবলৈ চেষ্টা কৰে আৰু মানুহজনে তেওঁৰ হাতত খুন্দা মাৰে। এই আক্ৰমণত তিনিজন ভক্ত আহত হোৱাৰ খবৰ পোৱা গৈছে। ভক্তসকলৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে আৰু তেওঁলোকক লক্ষ্ণৌৰ ট্ৰমা চেণ্টাৰলৈ প্ৰেৰণ কৰা হৈছে।
অভিযুক্তক বঙাৰমৌৰ মহল্লা দৰগাহ শ্বৰীফৰ বাসিন্দা জাভেদৰ পুত্ৰ পাপ্পু (২৬) বুলি জানিব পৰা গৈছে। মন্দিৰৰ ভিতৰতে আন ভক্তই কৰায়ত্ব আৰক্ষীক গতাই দিয়ে অভিযুক্তক। মন্দিৰৰ ভিতৰত এজন ভক্তক মূৰত আক্ৰমণ কৰাৰ পিছতে আক্ৰমণকাৰীৰ বিৰুদ্ধে হত্যাৰ চেষ্টাৰ অভিযোগ উত্থাপন হৈছে। যুৱকজনৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰি জিম্মালৈ প্ৰেৰণ কৰা হৈছে।