৩১ মাৰ্চত অনুষ্ঠিত হ’ব ২ খন আসনৰ বাবে অসমত ৰাজ্যসভাৰ নিৰ্বাচন। বিজেপি মিত্ৰজোঁটে ২ খন আসনত আৰু কংগ্ৰেছ তথা বিৰোধী মিত্ৰ শক্তিয়ে এখন আসনত প্ৰাৰ্থীত্ব আগবঢ়াইছে।
মন্ত্ৰী পীয়ুষ হাজৰিকাই কয়, মুখ্যমন্ত্ৰীৰ বহু সমৰ্থক কংগ্ৰেছ দলত আছে। ৰাজ্যসভাৰ নিৰ্বাচন আমাৰ বাবে ডাঙৰ খেল নহয়।
আনহাতে তেওঁ বিৰোধী কংগ্ৰেছক সমালোচনা কৰি কয় যে, কংগ্ৰেছ নেতৃত্বই অসমীয়াৰ চৰিত্ৰ হেৰুৱাইছে। অসমীয়া মানুহৰ ঘৰলৈ গ’লে বেয়া পাই কংগ্ৰেছ নেতৃত্বই।