মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত চলি থকা আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত ৰাইজৰ বিপুল সঁহাৰি

গুৱাহাটীৰ বেতকুছিস্থিত মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত বৰ্তমান চলি থকা ২৭ সংখ্যক আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী বাণিজ্য মেলাখন ক’ভিড যোদ্ধাসকলৰ প্ৰতি উছৰ্গা কৰা বাবে ৰাইজৰ পৰা বিশেষ সহাৰি লাভ কৰা পৰিলক্ষিত হৈছে ৷ ক’ভিড মহামাৰীৰ বাবে দুবছৰৰ ব্যৱধানত অনুস্হিত কৰা মেলাখনত চিকিৎসক আৰু নাৰ্চসকলকে ধৰি স্বাস্হ্যকৰ্মীসকলৰ প্ৰৱেশ বিনামূলীয়া কৰা হৈছে ৷ মেলাখন চাই উঠি ড° সুমন ভট্টাচাৰ্যই সংগঠক সকলৰ প্ৰতি শলাগ জনাই এইদৰে কয় “মই জনাত ভাৰতবৰ্ষত পোন প্ৰথমবাৰৰ বাবে ’বাণিজ্য মেলা’ ক’ভিড যোদ্ধাসকলৰ স্মৰণত উছৰ্গা কৰাটো এটা উল্লেখযোগ্য কথা ৷এইটো এটা অভাৱনীয় পদক্ষেপ আৰু এনেধৰণৰ পদক্ষেপে মানৱ সমাজৰ প্ৰতি আৰু অধিক কৰ্তব্যপৰায়ণ হ’বলৈআমাক উৎসাহিত কৰিব ৷
ইপিনে দূৰ্গা পূজা হৈ যোৱাৰ পিছতো আৰু সমুখত দিপাৱলী উপলক্ষে জনসাধাৰণৰ মন উছৱমুখৰ হৈ আছে ; তৎস্বত্বেও সহস্ৰজনে মনিৰাম দেৱান বাণিজ্য কেন্দ্ৰলৈ মেলাখন চাবলৈ ভিৰ কৰিছে ৷প্ৰতিবছৰৰ দৰে এই বছৰো এই বাণিজ্যমেলাই দৰ্শকক নতুন ধৰণৰ বস্তু প্ৰদৰ্শন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে আৰু বিদেশৰ পৰা অহা বিশেষকৈ ইৰান ইউৰোপীয় আ- অলংকাৰ বাংলাদেশ আফগানিস্থানকে ধৰি দুশৰো অধিক ষ্টলত বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে ৷
এন এচ আই চিৰ সহযোগত অনুস্হিত কৰা এই বাণিজ্যমেলাখন ১৭ অক্টোবৰ পৰ্যন্ত চলিব ৷ মেলাখনত বিভিন্ন ধৰণৰ প্ৰতিযোগীতা আৰু আকৰ্ষণীয় পুৰস্কাৰৰ ব্যৱস্থা কৰা হৈছে৷
অসমীয়া সৰু আৰু ডাঙৰ পৰ্দাৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী অলিস্মিতা গোস্বামীয়ে বাণিজ্য মেলাখনৰ সম্পৰ্কত কয় যে “এইবাৰৰ বাণিজ্য মেলাখন ডিজাইনৰ ফালৰ পৰা অতি আকৰ্ষণীয় হৈছে ৷ বিশেষকৈ পোহৰৰ ব্যৱস্থা আৰু বিভিন্ন ধৰণৰ সামগ্ৰীৰ সহজলভ্যতা বিশেষভাৱে উল্লেখনীয় ৷ উঠি অহা ডেকা- গাভৰুসকলক গ্ৰহণযোগ্য মূল্যৰ চেলোৱাৰ চ্যুত জামদানী শাৰী বিভিন্ন ধৰণৰ আ-অলংকাৰ কুৰ্টি ৰং-বিৰঙৰ খাৰু আধুনিক সাজ-পোছাকে নিশ্চিতভাৱে আকৰ্ষণ কৰিব ৷
বিভিন্ন ধৰণৰ সা-সজ্জাৰ সামগ্ৰী বেডছিট ব্লেংকেট আকৰ্ষণীয় আচবাব পত্ৰ আদি গৃহিণী সকলৰ বাবে আকৰ্ষণৰ কাৰণ হৈ পৰিব ৷“ তেওঁ কয় যে “ পাঞ্জাৱৰ এখন ষ্টলে সুন্দৰকৈ ডিজাইন কৰা চেলোৱাৰ চ্যুত অতি কম মূল্যত মাত্ৰ এহেজাৰ টকাতে বিক্ৰী কৰিছে ৷ চাহিল নামৰ এজন ব্যক্তিয়ে পূৰ্বতে নেদেখা ইউৰোপৰ পৰা অনা অলংকাৰ আদি বিক্ৰী কৰিছে আৰু দৰ্শকৰ পৰা পোৱা সঁহাৰি আৰু ৰুচিৰ শলাগ জনাইছে ৷তেওঁ কয় যে “ উত্তৰপূৱ ভাৰতলৈ মই প্ৰথমবাৰৰ বাবে আহিছো আৰু ইয়াত ব্যৱসায়িক সঁহাৰি আৰু শক্তিয়ে মোক বিশেষভাৱে মুগ্ধ কৰিছে “
মেলাখনত থকা বিৰাট আকাৰৰ ইৰানৰ পেভিলিয়ন ইয়াৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷ ইৰানিয়ান মৌ শুকান ফল খেজুৰ হস্তনিৰ্মিত বেগ আৰু অলংকাৰৰ বিক্ৰী আৰু গ্ৰাহকৰ সঁহাৰি সম্পৰ্কত ইৰানৰ চাহহপুৰ নোৰিৰ পৰা অহা আৰাদে সন্তুষ্টি প্ৰকাশ কৰিছে ৷ বিভিন্ন ধৰণৰ খাদ্যৰ ষ্টলৰ বাবে সুখ্যাতি থকা আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী বাণিজ্য মেলাখনে পুনৰবাৰ দৰ্শকক আকৰ্ষণ কৰিব পাৰিছে ৷ বিশেষভাৱে আফগানৰ খাদ্যৰ প্ৰতি জনতাৰ আগ্ৰহ অপৰিসীম হোৱা দেখা গৈছে ৷

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *