মণিপুৰৰ পথ দুৰ্ঘটনাত নিহত ১১জনৰ পৰিয়াললৈ ৫ লাখ টকাকৈ সাহাৰ্য্য ঘোষণা এন বীৰেন সিঙৰ

বুধবাৰে মণিপুৰৰ পথ দুৰ্ঘটনাত নিহতৰ সংখ্যা ১১ জনলৈ বৃদ্ধি পাইছে আৰু আন ৪০ জনৰো অধিক লোক আহত হৈছে। ইফালে, মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে আহতসকলক চিকিৎসালয়লৈ সাক্ষাৎ কৰে আৰু ৫ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰে। মণিপুৰ চৰকাৰে ১০ জানুৱাৰী, ২০২৩ লৈকে তাৎক্ষণিক ভাৱে বিদ্যালয় ভ্ৰমণ নিষিদ্ধ কৰিছে। মণিপুৰৰ ননি জিলাৰ লংচাই অঞ্চলৰ ওচৰৰ পুৰণি কাছাৰ ৰোডত সংঘটিত দুৰ্ঘটনাত নিহতৰ সংখ্যা দুজন শিক্ষকসহ ১১ জনলৈ বৃদ্ধি পাইছে বুলি চিকিৎসালয়ৰ সূত্ৰই জানিবলৈ দিয়ে। মৃত আটাইকেইজন বিদ্যালয়ৰ শিক্ষাৰ্থী আছিল, যিসকলে অধ্যয়ন ভ্ৰমণলৈ গৈ আছিল। মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে আহত ছাত্ৰ-ছাত্ৰীসকলক চিকিৎসাধীন কৰি থকা আৰআইএমএছ, জেএনআইএমএছ আৰু ৰাজ মেডিচিটি চিকিৎসালয় পৰিদৰ্শন কৰে। দুৰ্ভাগ্যজনক বাছখনত যাত্ৰা কৰা শিক্ষাৰ্থীসকল মণিপুৰৰ পূব ইম্ফল জিলাৰ থাম্বালনু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আছিল। দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱাৰ বাবে শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰী এন বীৰেন সিঙে কয়-মই পুৰণি কাছাৰ ৰোডত দুৰ্ঘটনাত মৃত্যু হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ পৰিয়ালক লগ পাইছিলো। মই শোকসন্তপ্ত পৰিয়ালসমূহৰ প্ৰতি আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো আৰু মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা প্ৰতিটোক ৫ লাখ টকাকৈ প্ৰদান কৰা হ’ব বুলি আশ্বাস দিছো। তেওঁ আঘাতপ্ৰাপ্ত লোকসকলৰ আশু আৰোগ্য কামনা কৰিছিল। চিকিৎসালয়ৰ সূত্ৰই কৈছিল যে দুৰ্ঘটনাটোত বিদ্যালয়খনৰ দুজন শিক্ষকো নিহত হৈছিল।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *