মণিপুৰত ট্ৰাকৰ পৰা জব্দ ৬৪০ গ্ৰাম হেৰ’ইন, দুজনক আটক

মণিপুৰ আৰক্ষীয়ে নাগালেণ্ড পঞ্জীয়ন নম্বৰ থকা এখন ১২ চকীয়া ট্ৰাকৰ পৰা ৬৪০ গ্ৰাম ওজনৰ সন্দেহযুক্ত হেৰ’ইন পাউদাৰ জব্দ কৰাৰ লগতে এই সংযোগত ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক আটক কৰে।

ধৃত লোককেইজন–মণিপুৰৰ বিষ্ণুপুৰৰ কেইবুল লামজাও ফৰেষ্ট মামাঙৰ নিবাসী ৩৮ বছৰীয়া চালাম দেৱান সিং (ড্ৰাইভাৰ) আৰু মণিপুৰৰ ইম্ফল-ইষ্টৰ ২৮ বছৰীয়া নিংগোম্বম চেনিছ (হেণ্ডিমেন)। .

এক গোপন সূত্ৰৰ ভিত্তিত কাংপকপি জিলা আৰক্ষীৰ যৌথ দলে কাংপকপি জিলাৰ ২নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ থিংবংজাং গাঁৱৰ বজাৰ চেড এলেকাত পৰীক্ষণ অভিযান চলায়।

কিন্তু সংশ্লিষ্ট কার্যবাহী দণ্ডাধীশ আৰু প্রয়োজনীয় মেকানিকৰ অনুপলব্ধতাৰ বাবে গোটেই নিশা গাড়ীখন পহৰা দি ৰখা হয়৷

যোৱা ৩১ জানুৱাৰীত আৰক্ষীয়ে ট্ৰাকখন ভালদৰে পৰীক্ষা কৰি সন্মুখৰ চালকৰ কেবিনৰ কাঠৰ স্পীকাৰ বাকচৰ ভিতৰত লুকুৱাই থোৱা ৫৪টা হেৰ’ইন পাউদাৰৰ চাবোনৰ বাকচ উদ্ধাৰ কৰে।

ইয়াৰ উপৰিও আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছ লুকুৱাই ৰখাৰ বাবে ব্যৱহাৰ কৰা দুটা মোবাইল ফোন, ড্ৰাইভিং লাইচেন্স আৰু ক’লা ৰঙৰ জেবিএল-১১০০ ৱাটৰ স্পীকাৰো উদ্ধাৰ কৰিছে।

আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে নাৰ্কটিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক ছাবষ্টেন্স এক্ট, ১৯৮৫ৰ অধীনত এফআইআৰ ৰুজু কৰিছে।

৩১ জানুৱাৰীত অভিযুক্তসকলক আদালতত হাজিৰ কৰোৱা হয় আৰু ২০২৩ চনৰ ৯ ফেব্ৰুৱাৰীলৈকে আৰক্ষীৰ জিম্মাত ৰখা হয়।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *