মণিপুৰত অব্যাহত আছে অপ্ৰীতিকৰ পৰিস্থিতি! পুনৰ ৫ দিনৰ বাবে বন্ধ ইণ্টাৰনেট সেৱা

বিগত কেইবামাহো ধৰি মণিপুৰত জ্বলি আছে হিংসাৰ দাবানল। ৰাজ্যখনৰ দুটা জনগোষ্ঠীৰ মাজত হোৱা হিংসাই এক বৃহৎ ৰূপ ধাৰণ কৰিছে। এই সময়ছোৱাত বহু লোকে প্ৰাণ হেৰুৱাইছে। বহু লোক গৃহহীন হৈ পৰিছে। সোমবাৰে জিৰিবাম জিলাত এজন আৰক্ষীয়ে ৩২ বছৰীয়া এজন যুৱকক গুলীয়াই হত্যা কৰে। এই হত্যাকাণ্ডত ক্ষুব্ধ হৈ মঙলবাৰে আৰক্ষী জোইতম অৰুন্ত সিঙৰ ঘৰত আক্রমণ কৰি ক্ষতিসাধন কৰে একাংশ লোকে৷

মণিপুৰত আকৌ এবাৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৫ দিনৰ বাবে ইন্টাৰনেট নিষিদ্ধ কৰাৰ বিপৰীতে চুৰাচান্দপুৰ জিলাত দুমাহৰ বাবে আই পি চিৰ ১৪৪ ধাৰাত নিষেধাজ্ঞা আদেশ জাৰি কৰা হৈছে। জিলা দণ্ডাধীশে এটা আদেশ জাৰি কৰি কয় যে দুয়োটা গোটৰ মাজত হোৱা সংঘাতৰ বাবে এতিয়াও শান্তি ভংগৰ সম্ভাৱনা আছে, পৰিস্থিতি এতিয়াও উত্তেজিত হৈ আছে।

এই নিৰ্দেশৰ পিছত সোমবাৰৰ পৰা ৰাজ্যত ১৪৪ ধাৰা কাৰ্যকৰী কৰা হৈছে, যিটো ধাৰা ২০২৪ চনৰ ১৮ ফেব্ৰুৱাৰীলৈকে বলবৎ থাকিব। ইয়াৰ অধীনত পাঁচজন বা তাতকৈ অধিক লোকক একেলগে থকা বা গোট খোৱাটো নিষিদ্ধ আৰু অস্ত্ৰ ৰখাও নিষিদ্ধ।

জিলা দণ্ডাধীশে কয় যে আইন প্ৰয়োগকাৰী সংস্থাসমূহে হিংসাত্মক পৰিস্থিতিত শান্তি বজাই ৰখাৰ বাবে সকলো প্ৰচেষ্টা হাতত লৈছে। উল্লেখযোগ্য যে চলিত বৰ্ষৰ মে’ মাহৰ পৰা মণিপুৰৰ বহু ঠাইত জাতিগত সংঘাত চলি আহিছে। যোৱা সোমবাৰে চুৰাচান্দপুৰ জিলাত বিশেষকৈ থিংকাংফাই গাঁৱত হিংসাত্মক ঘটনা সংঘটিত হয়। অৱশ্যে কোনো ডাঙৰ লোকচান হোৱা নাই।

উল্লেখ্য যে মণিপুৰৰ মেইটেই সম্প্ৰদায়ে অনুসূচিত জনজাতি (এছটি)ৰ মৰ্যাদা বিচাৰিছে, যাৰ বিৰোধিতা কৰা হৈছে। মেইটেই সম্প্ৰদায়ৰ দাবীৰ প্ৰতিবাদত ৩ মে’ত জনজাতীয় সংহতি পদযাত্ৰাৰ আয়োজন কৰা হয়, তাৰ পিছত জাতিগত হিংসাৰ সূচনা হয়। এই হিংসাত ১৮০ জনতকৈ অধিক লোকৰ মৃত্যু হয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *