মটৰ’লাই উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে ভাৰতৰ শ্ৰেষ্ঠ 5G স্মাৰ্টফোন ব্ৰেণ্ডৰ স্থান দখল কৰিছে

আইকনিক গ্ল’বেল স্মাৰ্টফোন ব্ৰেণ্ড মটৰ’লাই উৎকৃষ্ট 5G স্মাৰ্টফোন পৰ্টফলিঅ’ আৰু স্মাৰ্টফোন খণ্ডত শ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে ভাৰতৰ শ্ৰেষ্ঠ 5G স্মাৰ্টফোন ব্ৰেণ্ড হিচাপে আত্মপ্ৰকাশ কৰিছে। ইয়াক তিনিটা মূল কাৰকৰ ওপৰত মূল্যাঙ্কন কৰা হৈছিল: সংযোগ, কভাৰেজ আৰু সামৰ্থ্য। মটৰ’লাৰ উন্নত প্ৰযুক্তি 3 কেৰিয়াৰ এগ্ৰিগেচন আৰু 4X4 MIMOই এই 5G ফ্ৰিকুৱেঞ্চী(কম্পাংক)ক এক শক্তিশালী “ডাটা হাইৱে”ত একত্ৰিত কৰি এক অতুলনীয় 5G অভিজ্ঞতা প্ৰদান কৰে।

মটৰ’লাই ভাৰতৰ বাবে প্ৰযোজ্য 5G SAR নীতি মানি চলিছে আৰু সকলো ডিভাইচৰ ব্যাপক পৰীক্ষা কৰা হৈছে। মটৰ’লাৰ 5G স্মাৰ্টফোনে সংযোগ, কভাৰেজ, আৰু সামৰ্থ্যৰ ক্ষেত্ৰত ১ নং ৰেংকিং লাভ কৰিছে। মটৰ’লাই স্মাৰ্টফোনত 5G অভিজ্ঞতা প্ৰদানৰ ক্ষেত্ৰত সকলোৰে ভিতৰতে সৰ্বোত্তম হোৱাটো নিশ্চিত কৰিবলৈ বাৰ উন্নীত কৰিছে। মটৰ’লাৰ ডিভাইচসমূহত ১৩টা 5G বেণ্ডলৈকে সমৰ্থন কৰে, আৰু 3 কেৰিয়াৰ একত্ৰীকৰণ আৰু 4X4 MIMOৰ উন্নত প্ৰযুক্তিয়ে এই কম্পাঙ্ক(ফ্ৰিকুৱেন্সী)সমূহৰ এটা শক্তিশালী “ডাটা হাইৱে”ত একত্ৰিত কৰে।

মটৰ’লাৰ সকলো ডিভাইচৰ ব্যাপকভাৱে পৰীক্ষা কৰা হৈছে আৰু ভাৰতৰ 5G SAR নিয়ম মানি চলিছে। প্ৰতিবেদনখনৰ ওপৰত নিজৰ মতামত ব্যক্ত কৰি টেকাৰ্কৰ মুখ্য বিশ্লেষক তথা প্ৰতিষ্ঠাপক ফৈছাল কাউছাই কয়, “১০,০০০ৰ পৰা ৩০,০০০ টকা ৰেঞ্জৰ অন্যান্য ব্ৰেণ্ডৰ বাবে অৱশ্যে অহা কেইবছৰমানৰ ভিতৰত 5G স্মাৰ্টফোন ক্ৰয় ৭২% হ’ব বুলি আশা কৰা হৈছে। কিয়নো ৰোমিঙৰ সময়ত বিশেষভাৱে কভাৰেজৰ সীমাবদ্ধতা উদ্ভৱ হ’ব পাৰে, কাৰণ ই বিশ্বজুৰি 5G নেটৱৰ্কত ব্যৱহৃত সকলো বেণ্ড সমৰ্থন নকৰিবও পাৰে।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *