মই বিজেপিৰ বিৰুদ্ধে যুঁজ দিও, সেয়ে মোৰ বিৰুদ্ধে অনেক গোচৰ আছেঃ তেলেংগানাত ৰাহুল গান্ধী

বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে তেলেংগানাত আছে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী। এই সময়ছোৱাত তেওঁ কংগ্ৰেছ বিজয়াবেৰী যাত্ৰাত অংশ লয়। জগতিয়াললৈ গৈ থকাৰ সময়ত ৰাহুলে এন এ চি বাছ ষ্টপেজত কিছু সময় ৰয়। য’ত তেওঁ টিফিন গাড়ী এখনত ডোছা বনাই থকাৰ ফটো-ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ইয়াৰ পিছত ৰাহুল জগতিয়াললৈ ৰাওনা হয়।

জগতিয়ালত জনসভা সম্বোধন কৰি কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে কয় যে মই বিজেপিৰ বিৰুদ্ধে যুঁজ দিওঁ। গতিকে মোৰ বিৰুদ্ধে ২৪-২৫ টা গোচৰ আছে। মোৰ লোকসভাৰ সদস্যপদও স্থগিত ৰখা হৈছিল। মোৰ ঘৰখনো কাঢ়ি নিয়া হৈছিল। যেতিয়া সিহঁতে মোৰ ঘৰটো কাঢ়ি নিছিল, মোৰ মনটো ভাল লাগিছিল, মই আনন্দৰে ঘৰখন তেওঁলোকক গতাই দিছিলো। কিয়নো ঘৰৰ প্ৰয়োজন নাই মোক, সমগ্ৰ ভাৰত মোৰ ঘৰ।

ৰাহুল গান্ধীয়ে কয় যে আমি য’তেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰো, সেয়া মহাৰাষ্ট্ৰেই হওক, ৰাজস্থানেই হওক বা অসমেই হওক, বিজেপিক সহায় কৰিবলৈ AIMIM-এ নিজৰ প্ৰাৰ্থীক প্ৰক্ষেপ কৰে। BRS, BJP আৰু AIMIM ভাতৃ-ভগ্নীৰ দৰে, একেলগে থাকে।

নিৰ্বাচনী সভাত ৰাহুলে কয় যে তেলেংগানাত কংগ্ৰেছ ক্ষমতালৈ আহিলে হলুদ খেতিয়কে প্ৰতি কুইণ্টলত ১২ হাজাৰৰ পৰা ১৫ হাজাৰ টকা লাভ কৰিব। তেলেংগানাৰ কৃষকসকলে তেওঁলোকৰ যিকোনো শস্যৰ বাবে নূন্যতম সমৰ্থন মূল্য (MSP)তকৈ প্ৰতি কুইণ্টলত ৫০০ টকা অধিক লাভ কৰিব।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *