ভুৱা ফাৰ্মাচীষ্টৰ কবলত পৰি গৰ্ভৱতী মহিলাই হেৰুৱাবলগীয়া হ’ল সন্তান, তীব্ৰ চাঞ্চল্য…

ভুৱা চিকিৎসাৰ বলি হৈ মহিলাই হেৰুৱাবলগীয়া হ’ল গৰ্ভৰ সন্তান।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৰূপহীহাটত।

খবৰ অনুসৰি এসপ্তাহ পূৰ্বে ৰূপহীহাটৰ জিউমাৰী বজাৰত থকা খাইৰুল ইছলামৰ মালিকানাধীন ফাৰ্মাচীলৈ গৈ মহিলাগৰাকীয়ে সুস্থ নোহোৱাত কিছু ঔষধ বিচাৰিছিল।

অভিযোগ অনুসৰি খাইৰুলে মহিলাগৰাকীক বমি নিয়ন্ত্ৰণৰ ঔষধৰ বিপৰীতে গৰ্ভপাতৰ ঔষধ দিছিল। খাইৰুলৰ ভুল চিকিৎসাৰ ফলত মহিলাগৰাকীৰ গৰ্ভধাৰণ বন্ধ হৈ পৰে।

ঘটনাৰ পিছতে অভিযোগ অনুসৰি ৰূপহীহাটৰ জিউমাৰী মাৰ্কেটৰ মামণি মেডিকেল হলত বৈধ অনুজ্ঞাপত্ৰ অবিহনে ফাৰ্মাচীখন চলাই অহা ভুৱা ফাৰ্মাচিষ্ট খাইৰুল ইছলামৰ বিৰুদ্ধে ৰূপহীহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰে পৰিয়ালে।

স্থানীয় ৰাইজে অভিযোগ কৰিছে যে শেহতীয়াকৈ ৰূপহীহাটত অবৈধ ফাৰ্মাচী শেলুৱৈৰ দৰে গজি উঠিছে। খাইৰুল ইছলামৰ দৰে ভুৱা ফাৰ্মাচিষ্টে জনসাধাৰণক ভুল ঔষধ প্ৰদান কৰি নিৰীহ লোকৰ জীৱনৰ লগত খেলা কৰাৰ ব্যৱসায় চলাই আহিছে যথেষ্ট দিনৰ পৰা।

ফাৰ্মাচীৰ নূন্যতম জ্ঞান নথকা খাইৰুল ইছলামে অনুজ্ঞাপত্ৰ অবিহনে ফাৰ্মাচীখন চলাই আছে বুলি দাবী কৰিছে ভুক্তভোগী মহিলাগৰাকীৰ পৰিয়ালে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *