ভুৱনেশ্বৰত আৰভিএছএফ উদ্বোধন টাটা মটৰ্ছৰ

ভাৰতৰ অগ্ৰণী অটোমোবাইল নিৰ্মাতা টাটা মটৰ্ছে ওড়িশাৰ ভুৱনেশ্বৰত দ্বিতীয়খন পঞ্জীয়নভুক্ত বাহন স্ক্ৰেপিং ফেচিলিটি (আৰ ভি এছ এফ) মুকলি কৰি বহনক্ষম গতিশীলতাৰ প্ৰতি দায়বদ্ধতা অব্যাহত ৰাখিছে। ‘ৰি.উই.ৰি – ৰিচাইকল উইথ ৰেছপেক্ট’ নামেৰে নামকৰণ কৰা এই উন্নত সুবিধা মুকলি কৰে ওড়িশা চৰকাৰৰ জলসম্পদ, বাণিজ্য আৰু পৰিবহণ বিভাগৰ মন্ত্ৰী টুকুনি সাহুৱে। বছৰি ১০,০০০ খন জীৱনৰ শেষৰ বাহন(এণ্ড-অফ-লাইফ) নিৰাপদে আৰু বহনক্ষমভাৱে বিভাজিত কৰিব পৰা এম্প্ৰিঅ’ প্ৰিমিয়ামে বিকশিত কৰা আৰভিএছএফ সুবিধা উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে ওড়িশা চৰকাৰ আৰু টাটা মটৰ্ছৰ প্ৰতিনিধিয়ে।

ৰি.উই.ৰি হৈছে পৰিৱেশ অনুকূল পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি জীৱনৰ শেষৰ যাত্ৰী আৰু বাণিজ্যিক বাহনসমূহ ভাঙি পেলোৱা বা ধ্বংস কৰাৰ বাবে এক ডিজিটেল সুবিধা। ইয়াত টায়াৰ, বেটাৰী, ইন্ধন, তেল, তৰল পদাৰ্থ আৰু গেছৰ দৰে উপাদানসমূহ নিৰাপদে ভাঙি পেলোৱাৰ বাবে নিৰ্দিষ্ট ষ্টেচন আছে, যাৰ ফলত নিখুঁত নথি-পত্ৰ আৰু সুৰক্ষিত নিষ্কাশন সুনিশ্চিত কৰা হৈছে। এই সুবিধাই অটোমোটিভ উদ্যোগত বহনক্ষম পদ্ধতিসমূহক সামৰি মূৰ্ত কৰি তোলা হৈছে।

ওড়িশাত টাটা মটৰ্ছৰ ৰি.উই.ৰি আৰভিএছএফ মুকলি অনুষ্ঠানত ভাষণ প্ৰদান কৰি ওড়িশা চৰকাৰৰ জলসম্পদ, বাণিজ্য আৰু পৰিবহণ বিভাগৰ মন্ত্ৰী টুকুনি সাহুৱে কয় যে, ” আমি টাটা মটৰ্ছ আৰু এই প্ৰকল্পটোক সাকাৰ ৰূপ দি সফল কৰাৰ ক্ষেত্ৰত জড়িত সকলো পক্ষৰ দায়বদ্ধতা আৰ প্ৰয়াসৰ শলাগ লৈছোঁ। লগতে আমাৰ নাগৰিক তথা গ্ৰাহকসকলক আমাৰ সৈতে এক স্বচ্ছ আৰু সেউজ ভৱিষ্যতৰ ৰ বাবে আমাৰ সৈতে একত্ৰিত হ’বলৈ আহ্বান জনাইছোঁ।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *