ভি বিজনেছে ‘ভি চিকিউৰ’ প্ৰৱৰ্তন কৰিছে

দ্ৰুত গতিত বিকশিত হোৱা ডিজিটেল যুগত, কামৰ বোজা ক্লাউডলৈ স্থানান্তৰিত হোৱাৰ সৈতে, উদ্যোগ ৪.০-য়ে স্বয়ংক্ৰিয়কৰণত বিপ্লৱ আনিছে আৰু ক্ৰমান্বয়ে ডিজিটেল কৰ্মশক্তি বৃদ্ধি কৰিছে, ব্যৱসায়বোৰ চাইবাৰ উলংঘন আৰু আক্ৰমণৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ এম.এছ.এম.ই. বোৰ সজাগতা, প্ৰস্তুতি আৰু সম্পদৰ অভাৱৰ বাবে চাইবাৰ ভাবুকিৰ বাবে কোমল লক্ষ্য হৈ পৰিছে। উদ্যোগআৰু সক্ৰিয়ভাৱে ব্যৱসায় আৰু গ্ৰাহকসকলক সুৰক্ষিত কৰাৰ বাবে সুৰক্ষা সমাধানৰ এক বিস্তৃত সংহতি হৈছে সময়ৰ প্ৰয়োজন।

লগতে, ভাৰতৰ জি.ডি.পি.আৰ.-ৰ ৩০% অংশ ীয়া এম.এছ.এম.ই.-বোৰে এতিয়াও ডিজিটেল কৌশল আৰু প্লেটফৰ্ম গ্ৰহণ কৰিবলৈ অপ্ৰস্তুত আৰু তেওঁলোকৰ কাৰ্যকলাপক চাইবাৰ আক্ৰমণৰ পৰা সুৰক্ষিত কৰাৰ বাবে এতিয়াও নিৰাপত্তা ব্যৱস্থা ৰূপায়ণ কৰা নাই। ভি বিজনেছ “ৰেডিফৰনেক্সট” এমএছএমই জৰীপ ফলাফল অনুসৰি ৫২% তকৈও অধিক ভাৰতীয় এমএছএমইয়ে এতিয়ালৈকে ক্লাউড-আধাৰিত সুৰক্ষা সেৱা, এণ্টিভাইৰাছ ছফ্টৱেৰ, ক্লাউড ফায়াৰৱাল, ভিপিএন, ক্লাউড কানেক্ট, এণ্ড-টু-এণ্ড ডাটা এনক্ৰিপশ্বন, বা পৰিচালিত সুৰক্ষা সেৱা কাৰ্যকৰী কৰা নাই।

ৱেব চিকিউৰিটি আৰু ই-মেইল সুৰক্ষা সমাধানৰ বাবে ভি বিজনেছৰ সৈতে অংশীদাৰীত্বৰ বিষয়ে মন্তব্য কৰি ফাৰ্ষ্টৱেভ ক্লাউড টেকন’লজীৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু পৰিচালনা সঞ্চালক ডেনি মাহেৰে কয়, “ফাৰ্ষ্টৱেভৰ চাইবাৰ চিচনটিএম প্লেটফৰ্মৰ শক্তিৰ সৈতে, ভি বিজনেছে ভাৰতত চাইবাৰ নিৰাপত্তাত বৈপ্লৱিক পৰিৱৰ্তন অনাৰ সুযোগ পাইছে আৰু আমি ইয়াক লৈ অতি উৎসাহিত।”

By Business Correspondent

Leave a Reply

Your email address will not be published. Required fields are marked *