ভি গেমছে ভি ব্যৱহাৰকাৰীসকলক ১২০০ তকৈও অধিক মোবাইল গেম আগবঢ়ায়

ভি এপত ১২০০তকৈও অধিক মোবাইল গেম, মাল্টিপ্লেয়াৰ আৰু প্ৰতিযোগিতামূলক গেমিং আগবঢ়োৱা ভি গেমছৰ সফল শুভাৰম্ভৰ পিছত আজি আগশাৰীৰ ভাৰতীয় টেলিকম অপাৰেটৰ ভোডাফোন আইডিয়া (ভি)য়ে ইস্পোৰ্টছৰ সৈতে ইয়াৰ মোবাইল গেমিং কেটালগ সম্প্ৰসাৰণৰ কথা ঘোষণা কৰে। আগশাৰীৰ ইস্পোৰ্টছ ষ্টাৰ্ট-আপ গেমাৰজীৰ সৈতে অংশীদাৰীত্ব কৰি, ভি গেমছৰ পৰিসৰ ভিউণ্ডাৰে ভি এপত ইস্পৰ্টছ প্লেটফৰ্ম মুকলি কৰিছে।

ভি গেমছ আৰু গেমাৰজীয়ে বিভিন্ন ধৰণৰ জনপ্ৰিয় ইস্পোৰ্টছ গেম আয়োজন কৰিব, যাৰ উদ্দেশ্য হৈছে ভি এপ্পক গেমিং উৎসাহীসকলৰ বাবে পছন্দৰ গন্তব্য স্থান হিচাপে গঢ়ি তোলা। ভাৰত ইস্পোৰ্টছৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে, ইস্পোৰ্টছ উদ্যোগ৪৬% চিএজিআৰ হাৰত বৃদ্ধি পাইছে আৰু ২০২৫ চনৰ ভিতৰত ১১ বিলিয়ন টকা হ’ব বুলি আশা কৰা হৈছে।

গেমিং খণ্ডটোৱে এতিয়াৰ পৰা ২০২৫ বিত্তীয় বৰ্ষৰ ভিতৰত প্ৰায় ১০০ বিলিয়ন টকাৰ অৰ্থনৈতিক মূল্য সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। গেমাৰসকলৰ বাবে সেৱাটো সহজে উপলব্ধ কৰি, ভিৰ ইস্পোৰ্টছ অফাৰিং কোনো অতিৰিক্ত ব্যয় নকৰাকৈ ভি ব্যৱহাৰকাৰীসকলৰ বাবে উপলব্ধ হ’ব আৰু ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ ভাৰ্চুৱেল মুদ্ৰাৰ সৈতে ৰোমাঞ্চকৰ পুৰষ্কাৰ উপভোগ কৰিব পাৰে।  উদ্বোধন সন্দৰ্ভত মন্তব্য কৰি ভিৰ চিএমঅ’ অৱনীশ খোচলাই কয়, “আমি নিশ্চিত যে আমাৰ প্ৰস্তাৱটোৱে গেমিং প্ৰেমী আৰু বিশেষকৈ যুৱসকলৰ সৈতে সঠিক সম্পৰ্ক স্থাপন কৰিব।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *