‘ভি২০ফানফেষ্ট’ত অংশগ্ৰহণ কৰি স্মাৰ্টফোন জিকাৰ সুযোগ

ভাৰতত বৰ্তমান সময়ত চলি থকা সকলোৰে প্রিয় টি-২০ প্ৰতিযোগিতাৰ সময়ত দেশৰ আগশাৰীৰ টেলিকম ব্ৰেণ্ড ভি-য়ে তেওঁলোকৰ ক্ৰিকেট উৎসাহী গ্ৰাহকসকলৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰষ্কাৰ জিকাৰ বাবে সুবৰ্ণ সুযোগ আগবঢ়াইছে।

ভি-য়ে ভি২০ফানফেষ্ট (Vi20FANfest) প্ৰতিযোগিতাৰ আয়োজন কৰিছে। যি প্ৰতিযোগিতা দুমাহ দীঘলীয়া আৰু ইয়াত অংশগ্ৰহণ কৰি গ্ৰাহকসকলে প্ৰতিখন খেলৰ দিনত এটা স্মাৰ্ট ফোন জিকাৰ সুযোগ আগবঢ়াইছে। আনহাতে, এজন মেগা বিজয়ীয়ে টি-২০ চেম্পিয়নশ্বিপৰ ফাইনেল লাইভ অনুভৱ কৰিবলৈ ২ টা টিকটো জিকিব পাৰিব। ভি গ্ৰাহকসকলে খেলৰ সময়ত ভি ফেচবুক, ইনষ্টাগ্ৰাম আৰু টুইটাৰ পৃষ্ঠাত ভি২০ফানফেষ্ট প্ৰত্যাহ্বান (challenge) খেলিব পাৰে। অংশগ্ৰহণকাৰীসকলে #Vi20FANfest হেচটেগৰ সৈতে মন্তব্য কৰি ট্ৰিভিয়া প্ৰশ্নৰ সঠিক উত্তৰ দিব লাগিব।

কম্পিউটাৰাইজড অডিটৰ ওপৰত আধাৰিত কৰি এজন বিজয়ী বাছনি কৰা হ’ব আৰু ছিজনত আটাইতকৈ শুদ্ধ উত্তৰ দি থকা অংশগ্ৰহণকাৰীয়ে ফাইনেলৰ টিকট জিকিব। প্ৰতিদিনে বিজয়ীৰ নাম আৰু ফটো ভি সামাজিক মাধ্যমৰ পৃষ্ঠাত শ্বেয়াৰ কৰিব। ভি২০ফানফেষ্ট প্ৰত্যাহ্বান ২৮মে’, ২০২৩ লৈকে বৈধ।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *