ভিয়ে আইএমচি ২০২৩ত উন্নত জীৱনৰ বাবে অভিনৱ প্ৰযুক্তি সমাধান আনিছে

প্ৰখ্যাত টেলিকম অপাৰেটৰ ভিআইয়ে ইণ্ডিয়া ম’বাইল কংগ্ৰেছ (আই এম চি) ২০২৩ত উদ্ভাৱনীমূলক সমাধানৰ এক শৃংখল প্ৰৱৰ্তন কৰি চৰ্চা লাভ কৰিছিল। এই অনুষ্ঠানত প্ৰযুক্তিৰ সম্ভাৱনা আৰু ক্ৰমবৰ্ধমান ৫জি নেটৱৰ্ক প্ৰদৰ্শন কৰা হৈছিল।নতুন দিল্লীৰ প্ৰগতি ময়দানত ২০২৩ চনৰ ২৭ অক্টোবৰৰ পৰা ২৯ অক্টোবৰলৈ অনুষ্ঠিত হোৱা টেলিকম খণ্ডৰ এক উল্লেখযোগ্য অনুষ্ঠান আইএমচি ২০২৩ত ভিআইয়ে প্ৰযুক্তিৰ পৰিৱৰ্তনশীল শক্তি প্ৰদৰ্শন কৰিছিল, য’ত ব্ৰেণ্ডটোৱে ‘ইন’ভেচন ফৰ এ বেটাৰ লাইফ বা উন্নত জীৱনৰ বাবে উদ্ভাৱন’ শীৰ্ষক বিষয়বস্তুৰ অধীনত একাধিক অত্যাধুনিক ছল্যুচন উপস্থাপন কৰিছিল।

অনুষ্ঠানত প্ৰদৰ্শিত দুটা মূল ছল্যুচন(সমাধান) আছিল, ভিআইৰ প্ৰযুক্তিভিত্তিক সমাধানে কেনেকৈ উত্তৰ প্ৰদেশ আৰু সমগ্ৰ ভাৰতৰ লোকসকলৰ জীৱন উন্নত কৰিলে, লগতে ডিজিটেল অন্তৰ্ভুক্তি আৰু সাধাৰণ ৰাইজৰ সামূহিক বিকাশৰ প্ৰসাৰ ঘটালে। ভিআইয়ে ফ্ৰেইট টাইগাৰ আৰু ৰ’ডকাষ্টৰ সৈতে অংশীদাৰিত্বৰে সৃষ্টি কৰা ভাৰতৰ প্ৰথমটো উন্নত বন্দৰ ব্যৱস্থাপনা আইঅ’টি সমাধান ‘সঞ্চাৰ শক্তি’ও উন্মোচন কৰে। এই সমাধান(ছল্যুচন)ৰ লক্ষ্য হৈছে প্ৰধানমন্ত্ৰীৰ গতি শক্তিৰ মাষ্টাৰপ্লানৰ সৈতে সংগতি ৰাখি দেশৰ বন্দৰসমূহক অধিক স্মাৰ্ট, অধিক সংযোজিত আৰু কাৰ্যক্ষম কৰি তোলা।

এই বিষয়ত ভোডাফোন আইডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া অক্ষয় মুন্দ্ৰাই আত্মবিশ্বাস ব্যক্ত কৰি কয় যে, “নেক্সট-জেন প্ৰযুক্তিৰ সৈতে ভিআইয়ে নিজৰ পৰৱৰ্তী পৰ্যায়ৰ বৃদ্ধিৰ বাবে সাজু হৈছে।” আইএমচি ২০২৩ত ভিআইৰ উপস্থিতিয়ে উন্নত প্ৰযুক্তি আৰু ৫জিৰ জৰিয়তে ভাৰতৰ ডিজিটেল দৃশ্যপটক ৰূপান্তৰিত কৰাৰ দৃষ্টিভংগীৰ উদাহৰণ দাঙি ধৰিছে, যিয়ে ভৱিষ্যতৰ বাবে সীমাহীন সম্ভাৱনাৰ প্ৰতিশ্ৰুতি দিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *