ভাৰত চৰকাৰে আৰম্ভ কৰিলে নেচনেল মিছন অন এডিবল অইলছ-তেলপামৰ অধীনত মেগা অইল প্লাণ্টেচন ড্ৰাইভ

ভাৰত চৰকাৰে নেচনেল মিছন অন এডিবল অইল-তেল পাম (এনএমইঅ’-অ’পি)ৰ অধীনত ২৫ জুলাইৰ পৰা ৫ আগষ্টলৈ মেগা অইল প্লাণ্টেচন ড্ৰাইভ আৰম্ভ কৰিছে। এই পদক্ষেপক সফল ৰূপ দিবলৈ গুৱাহাটীত এখন ঘূৰণীয়া মেজমেলৰ আয়োজন কৰা হয়। এই মেজমেলত গডৰেজ এগ্ৰ’ভেট লিমিটেডৰ, ইণ্ডিয়ান ইনষ্টিটিউট অৱ অইল পাম ৰিচাৰ্ছ, দ্য ছলভেণ্ট এক্সট্ৰেক্টৰ্ছ এছ’চিয়েচন অৱ ইণ্ডিয়া আৰু ছলিদাৰদাদাদ নেটৱৰ্কে অংশগ্ৰহণ কৰে। উত্তৰ-পূর্বাঞ্চলত তেলপাম খেতিৰ গুৰুত্ব আৰু ইয়াৰ দ্বাৰা কৃষকসকলক উন্নীত কৰাৰ সম্ভাৱনা সন্দর্ভত বিশেষভাৱে আলোচনা কৰা হয়৷২০২১ চনৰ আগষ্ট মাহত ভাৰত চৰকাৰে এক ভোজ্য তেল – তেলপাম (এনএমইঅ’-অ’পি)ৰ ওপৰত ৰাষ্ট্ৰীয় অভিযান আৰম্ভ কৰিছিল, য’ত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ৬০:৪০ অনুপাতত খৰচ ভাগ কৰা হৈছিল। তেলপামৰ পৰা খাব পৰা তেলৰ উৎপাদন বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰাই হৈছে এই অভিযানৰ মূল্য লক্ষ্য। মাটিৰ মালিকীস্বত্ব কৃষকৰ হাততে ৰাখি কেন্দ্ৰীয় পৃষ্ঠপোষকতাত ৰূপায়িত কৰা হৈছে এই আঁচনি।

আগশাৰীৰ খাদ্য আৰু কৃষি-ব্যৱসায়িক গোট গডৰেজ এগ্ৰ’ভেট লিমিটেডে ২০০৬ চনৰ পৰা অঞ্চলটোত তেল পাম খেতিৰ সৈতে জড়িত হৈ আছে আৰু এনএমইঅ’-অ’পি আঁচনিৰ অধীনত তেলপাম খেতিৰ উন্নয়ন আৰু প্ৰসাৰৰ বাবে অসম, মণিপুৰ, অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰা চৰকাৰৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে।

ছলভেণ্ট এক্সট্ৰেক্টৰ এছ’চিয়েচন অৱ ইণ্ডিয়াৰ কাৰ্যবাহী সঞ্চালক ড০ বি ভি মেহতাই এক সুলভ মূল্যৰ ৰন্ধন তেল হিচাপে পাম তেলৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰি কয় যে, “খোৱা তৈলবীজৰ উৎপাদন বৃদ্ধি কৰা আৰু দেশৰ ভিতৰত তেল অধিক সহজলভ্য কৰি তোলাৰ ওপৰত গুৰুত্ব দিয়া উচিত। তেলপাম এলেকাৰ সম্ভাৱনাক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰি নতুন এলেকালৈ দ্ৰুত সম্প্ৰসাৰণ নিশ্চিত কৰি খাৰুৱা পাম তেলৰ উৎপাদন বৃদ্ধি কৰি ইয়াক প্ৰাপ্ত বা সম্ভৱ কৰি তুলিব পাৰি।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *