ভাৰতৰ স্মাৰ্ট গতিশীলতা সমাধানৰ প্ৰয়োজনীয়তা

নগৰীকৰণৰ এক পৰিৱৰ্তনশীল ঢৌত ভাৰতে অগ্ৰণী ভূমিকা পালন কৰিছে। বিশেষকৈ দক্ষ গণ পৰিবহণ ব্যৱস্থাৰ ক্ষেত্ৰত উন্নত আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তা অপৰিহাৰ্য। অটোমোটিভ উদ্যোগে ভাৰতৰ গণ গতিশীলতা সমাধানৰ আধুনিকীকৰণৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ। স্মাৰ্ট বাছসমূহক ৰাজহুৱা পৰিবহণ ব্যৱস্থাত অন্তৰ্ভুক্ত কৰা আৰু গণ পৰিবহণৰ বাবে বৈদ্যুতিক মবিলিটী গ্ৰহণ কৰাকে ধৰি স্মাৰ্ট সমাধানসমূহ গ্ৰহণ কৰাটো সময়ৰ দাবী। বিশেষকৈ বৈদ্যুতিক বাছসমূহ স্মাৰ্ট মবিলিটি সমাধান হিচাপে  আত্মপ্ৰকাশ কৰিছে, যিয়ে কেৱল ব্যৱসায় আৰু যাত্ৰীসকলৰ পৰিৱৰ্তিত প্ৰয়োজনীয়তা পূৰণ কৰাই নহয়, ভাৰতৰ বহনক্ষমতা এজেণ্ডাতো অৱদান আগবঢ়াইছে।

এই ক্ষেত্ৰত ভাৰতে আন আন ঘন জনবহুল প্ৰতিবেশী দেশসমূহৰ পৰা অনুপ্ৰেৰণা লব পাৰে। উদাহৰণ স্বৰূপে- চীন, যত আধুনিক বাছসমূহে গতিশীলতা খণ্ডক ৰূপান্তৰিত কৰিছে। দেশখনত প্ৰতি ১০,০০০ লোকৰ বিপৰীতে প্ৰায় ৬০ খন বাছ চলাচল কৰে। আনহাতে, ভাৰতত প্ৰতি ১০,০০০ লোকৰ বিপৰীতে চীনৰ বাছৰ সংখ্যা মাত্ৰ এক চতুৰ্থাংশ। এই বৈষম্যই ভাৰতৰ পথসমূহত বাছসমূহৰ উপস্থিতি যথেষ্ট বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে। দ্ৰুতগতিত নগৰীকৰণৰ সৈতে, যান-জঁটৰ সমস্যা আৰু বায়ুৰ গুণগত মানৰ সূচকৰ অৱনতি ৰোধ কৰিবলৈ ৰাজহুৱা পৰিবহণৰ ব্যৱহাৰ বৃদ্ধি কৰাটো এক শক্তিশালী সমাধান। ইয়াৰ উপৰিও, আধুনিক ৰাজহুৱা পৰিবহণ যাত্ৰীসকলৰ বাবে লাভজনক হব কিয়নো ই ব্যয়সাধ্য, সুবিধাজনক আৰু ব্যক্তিগত পৰিবহণৰ ব্যয় আৰু ইন্ধনৰ মূল্যবৃদ্ধিৰ পৰা তেওঁলোকক সুৰক্ষা প্ৰদান কৰিব।

 বৈদ্যুতিক পৰিবহণ সমাধানৰ উত্থানৰ সৈতে, ভাৰতে একে পথ অনুসৰণ কৰাৰ আৰু ইয়াৰ পৰিবহণৰ ক্ষেত্ৰখনত বৈপ্লৱিক পৰিৱৰ্তন অনাৰ সুযোগ লাভ কৰিছে। বৈদ্যুতিক বাছসমূহে স্মাৰ্ট মবিলিটি সমাধান হিচাপে কেৱল ব্যৱহাৰকাৰীৰ বাবেই নহয়, আন্তঃগাঁথনি খণ্ড আৰু ৰাষ্ট্ৰৰ বাবেও অসংখ্য সুবিধা প্ৰদান কৰে। ই বাহনৰ পৰা নিৰ্গত ক্ষতিকাৰক গেছ হ্ৰাস কৰে, বায়ু প্ৰদূষণ ৰোধ কৰে আৰু সামগ্ৰিকভাৱে পৰিৱেশৰ স্বাস্থ্য উন্নত কৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *