ভাৰতৰ পেৰিছ অলিম্পিকৰ ১১৭ জনীয়া দলত ২৪ জন সেনাবাহিনীৰ এথলীট

58

পেৰিছ অলিম্পিকত ভাৰতৰ ১১৭ জনীয়া দলে ল’ব অংশ। এই ১১৭ জনীয়া দলত আছে ২৪ জন সেনাবাহিনীৰ এথলীট। ইয়াৰ ভিতৰত জেভেলিন থ্ৰো তাৰকা নীৰজ চোপ্ৰা অন্যতম। প্ৰতিৰক্ষা মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতিত কৈছে যে প্ৰথমবাৰৰ বাবে অলিম্পিক দলটোত সেনাৰ দুজন মহিলা খেলুৱৈ অন্তৰ্ভুক্ত আছে। টকিঅ’ অলিম্পিক ২০২০ত সোণৰ পদক অৰ্জন কৰা চোপ্ৰা ভাৰতীয় সেনাৰ এজন চুবেদাৰ। তেওঁ ২০২৩ চনৰ এছিয়ান গেমছ, ২০২৩ চনৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ, ২০২৪ চনৰ ডায়মণ্ড লীগ আৰু ২০২৪ চনৰ পাভো নুৰ্মি গেমছত সোণৰ পদক অৰ্জন কৰিছে। কমনৱেলথ গেমছ ২০২২ ৰ ব্ৰঞ্জ পদক বিজয়ী হাবিলদাৰ জেচমিন লাম্বোৰিয়া (বক্সিং) আৰু ২০২৩ এছিয়ান ৰেছলিং চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক বিজয়ী চিপিঅ’ ৰীতিকা হুডা দলটোৰ সেনাৰ দুগৰাকী মহিলা খেলুৱৈ। সেনাৰ আন খেলুৱৈসকল হৈছে চুবেদাৰ অমিত পাংঘাল (বক্সিং), চিপিঅ’ তেজিন্দৰ পাল সিং তুৰ (শ্বট পুট), চুবেদাৰ অবিনাশ চেবল (৩০০০ মিটাৰ ষ্টিপলচেজ), চিপিঅ’ মুহাম্মাদ আনাছ য়াহিয়া, পিঅ’ মুহাম্মাদ আজমল, চুবেদাৰ সন্তোষ কুমাৰ আৰু জেডব্লিউঅ’ মিজো চাকো কুৰিয়ান (পুৰুষৰ ৪×৪০০ মিটাৰ ৰিলে), জেডব্লিউঅ’ আব্দুল্লাহ আবুবেকাৰ (ট্ৰিপল জাম্প), চুবেদাৰ তৰুণদীপ ৰায় আৰু ধীৰাজ বমমাদেভাৰা (ধনুৰ্বিদ্যা) আৰু নাইব চুবেদাৰ সন্দীপ সিং (শ্বুটিং)।