ভাৰতীয় ক্ৰিকেট দলৰ সকলো ফৰ্মেটৰ নতুন জাৰ্চি মুকলি এডিডাছ আৰু বিচিআইৰ

ভাৰতীয় ক্ৰিকেট দলৰ অফিচিয়েল কিট স্পনছৰ এডিডাছে খেলৰ তিনিওটা ফৰ্মেটতে পিন্ধিব পৰা নতুন ৰাষ্ট্ৰীয় দলৰ জাৰ্চি উন্মোচন কৰিছে। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ সময়ত টীম ইণ্ডিয়াৰ পুৰুষ দলে এই নতুন কিটটো পৰিধান কৰি ন ৰূপত আত্মপ্ৰকাশ কৰিব। ইয়াৰ পিছত আগন্তুক এদিনীয়া, টি-২০ আৰু টেষ্ট মেচত পুৰুষ, মহিলা আৰু য়ুথ টীমেও পৰিধান কৰিব নতুন কিট।

বিচিচিআইৰ সৈতে অংশীদাৰিত্বই ভাৰতীয় ক্ৰিকেটৰ এক নতুন যুগৰ সূচনা কৰিছে। টীম ইণ্ডিয়াৰ পুৰুষ, মহিলা আৰু ১৯ বছৰ অনুৰ্ধ্ব দলৰ বাবে জাৰ্চি, কিট আৰু অন্যান্য সামগ্ৰী ডিজাইন আৰু ব্যৱসায়িক নিৰ্মাণৰ একচেটিয়া অধিকাৰ লাভ কৰিছে এডিডাছে। এডিডাছৰ লক্ষ্য হৈছে ভাৰতৰ জাৰ্চি সংস্কৃতিত বৈপ্লৱিক পৰিৱৰ্তন আনি সকলো ক্ৰিকেট অনুৰাগীৰ বাবে ৩টা প্ৰাইচ পইণ্টৰ জৰিয়তে সুলভ আৰু উপলব্ধ কৰি তোলা, এই জাৰ্চি ভাৰতীয় টকাত ৪,৯৯৯- মেচ জাৰ্চি, ২,৯৯৯- ৰেপ্লিকা জাৰ্চি আৰু ৯৯৯- ফেন জাৰ্চি উপলব্ধ।

এই বিষয়ে সদৰি কৰি এডিডাছ ইণ্ডিয়াৰ জিএম নীলেন্দ্ৰ সিঙে কয়, ‘বিচিচিআইৰ সৈতে আমাৰ অংশীদাৰিত্বৰ জৰিয়তে সকলো ক্ৰিকেট অনুৰাগীক নিজৰ প্ৰিয় দলৰ ৰং গৌৰৱেৰে পিন্ধিবলৈ সুযোগ আৰু সুবিধা প্ৰদান কৰিব আমি লৈ আগ্ৰহী। আমাৰ লক্ষ্য ভাৰতৰ জাৰ্চি সংস্কৃতিৰ পৰিৱেশক অন্য এক মাত্ৰা প্ৰদান কৰা।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *