ভাৰতত অনুপ্ৰৱেশৰ সময়তে ভাৰত-পাক সীমান্তত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত ৪ সন্ত্ৰাসবাদী…

মাত্ৰ এসপ্তাহৰ ব্যৱধানতে সন্ত্ৰাসবাদীক দমন কৰাত নিৰাপত্তা বাহিনীয়ে যথেষ্ট সফলতা অৰ্জন কৰিছে। শুকুৰবাৰে পুৱা কাশ্মীৰৰ কুপৱাৰাত ৪টা সন্ত্ৰাসবাদী নিহত হয়। পাকিস্তান সীমান্তৰ নিয়ন্ত্ৰণ ৰেখাৰ পৰা ভাৰতত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা চলোৱাৰ সময়তে ভাৰতীয় সেনাৰ গুলীবৰ্ষণত নিহত হয় সন্ত্ৰাসবাদী কেইটা। প্ৰসংগক্ৰমে যোৱা শুকুৰবাৰে কুপৱাৰাত অভিযানত ভাৰতীয় নিৰাপত্তাৰক্ষীৰ হাতত ৫ জন বিদেশী সন্ত্ৰাসবাদী নিহত হৈছিল।

জানিব পৰা মতে, শুকুৰবাৰে পুৱা কুপৱাৰাৰ মাছাল ছেক্টৰৰ পৰা পাক সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ খবৰ আহিছিল। সন্ত্ৰাসবাদীয়ে পাকিস্তান অধিকৃত কাশ্মীৰ (PoK)ৰ বনাঞ্চলৰ পৰা ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছিল। ইয়াৰ পিছত ভাৰতীয় সেনা আৰু আৰক্ষীৰ যুটীয়া বাহিনীয়েসন্ত্ৰাসবাদীক প্ৰতিৰোধ কৰে। বন্দুক যুদ্ধত ৪ টা সন্ত্ৰাসবাদী নিহত হয়। অৱশ্যে তেওঁলোকৰ পৰিচয় সন্দৰ্ভত সবিশেষ জানিব পৰা হোৱা নাই।

ভাৰতীয় সেনাই টুইটযোগে সন্ত্ৰাসবাদীক হত্যা কৰা বুলি প্ৰকাশ কৰে। জানিব পৰা মতে নিহত সন্ত্ৰাসবাদীৰ পৰা কেইবাটাও অস্ত্ৰ উদ্ধাৰ কৰা হৈছে। প্ৰথম অৱস্থাত ধাৰণা কৰা হৈছিল যে সেই অস্ত্ৰবোৰ আচলতে সেনাবাহিনীত ব্যৱহাৰ কৰা হয়। ভাৰতীয় সেনাই এতিয়াও আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীক বিচাৰি অভিযান অব্যাহত ৰাখিছে।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *