ডিজিটেল ডেস্ক: ভাড়াক লৈ হোৱা বিবাদৰ বাবেই এজন যাত্ৰীক নিৰ্মমভাৱে ছুৰীকাঘাত কৰি হত্যা অটো চালকৰ। এই ভয়ংকৰ আক্ৰমণত আহত হয় যাত্ৰীজনৰ ভাতৃও।
বাংগালুৰুত সংঘটিত এই হত্যাকাণ্ডৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত অটো চালকজনক। নিহত যাত্ৰীজনক আহমেদ আৰু আহত জনক ভাতৃ আয়ুব বুলি চিনাক্ত কৰা হৈছে।
বাতৰি অনুসৰি, দুই ভাতৃয়ে মেজেষ্টিকৰ পৰা যশৱন্তপুৰ ষ্টেচনলৈ অটোখনত উঠিছিল। গন্তব্য স্থান পোৱাৰ পিছত ভাড়াক লৈ অটো চালকৰ সৈতে তেওঁলোকৰ তৰ্কাতৰ্কি ঘটে।
অভিযোগ অনুসৰি অটো চালকজনে অধিক ভাড়া দাবী কৰিবলৈ আৰম্ভ কৰে। অলপ পিছতে সাধাৰণ তৰ্কাতৰ্কিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে। যাৰ পৰিণতিত অটো চালকজনে যুৱক দুজনক ছুৰীৰে আক্ৰমণ কৰাত দুয়ো ভাতৃ আহত হয়।
আহত যুৱক দুজনক ততাতৈয়াকৈ হাস্পতাললৈ নিয়া হয় যদিও আধা বাটতে মৃত্যু ঘটে আহমেদৰ। তেওঁৰ ভাতৃ আয়ুব চিকিৎসালয়ৰ আই চি ইউত আছে।